এখন সম্পূৰ্ণ গাওঁ কৰ’না পজিটিভ; তাৰ মাজতে এগৰাকী ওলাল ভাগ্যৱান

WhatsApp Image 2020-11-21 at 9.37.17 AM

ভূষণ ঠাকুৰ।

দেশৰ কেইবাখনো ৰাজ্যত কৰ’না পৰিস্থিতিয়ে পুনৰ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিৰ মাজতে  হিমাচল প্ৰদেশৰ লাহোল-স্পীতি জিলাৰ এখন গাওঁত এগৰাকী লোকক বাদ দি গাওঁখনৰ বাকী সকলো লোকৰে কৰ’না পজিটিভ ধৰা পৰিছে। আনকি লোকজনৰ পৰিয়ালৰ বাকী সদস্যসকলৰো কৰ’না পজিটিভ ধৰা পৰিছে।

জিলাখনৰ থোৰংগ গাওঁৰ এগৰাকী ব্যক্তিক বাদ দি বাকী থকা ৪১ গৰাকী লোকৰে কৰ’না পজিটিভ পোৱা গৈছে।

ভূষণ ঠাকুৰ (৫২)নামৰ ব্যক্তিগৰাকীৰ পত্নীকে ধৰি পৰিয়ালৰ আন ছয়গৰাকী সদস্যই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বাতৰি অনুসৰি, ভূষণ ঠাকুৰে কৰ’নাৰ পৰা হাত সাৰিবলৈ সকলো নিয়ম পালন কৰিছে। চিকিৎসকে ভূষণৰ ইম্যুনিটি চিষ্টেম বহু শক্তিশালী বুলি অনুমান কৰিছে কিয়নো গাওঁখনৰ সকলো পজিটিভ অহাৰ পাছত একমাত্ৰ ভূষণৰ নিগেটিভ অহাটো সঁচাকৈয়ে আশ্চৰ্যজনক ঘটনা।

গাওঁখনৰ পাঁচগৰাকী লোকৰ প্ৰথমতে পজিটিভ ধৰা পৰাৰ পাছত বাকী সকলোৱে স্বেচ্ছামূলকভাৱে পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়। পৰীক্ষাত গাওঁখনৰ ভূষণক বাদ দি বাকী সকলোৰে পজিটিভ ধৰা পৰে।

থোৰংগ গাওঁৰ ৪২গৰাকী লোকৰ ভিতৰত ৪১গৰাকীৰে পজিটিভ ধৰা পৰে। অৱশ্যে, এই গাওঁখনত মুঠতে ১০০গৰাকী লোক বাস কৰে যদিও বৰফ পৰি থকাৰ মাজতে এইকেইদিন কেইবাগৰাকী লোক কুল্লুলৈ গুচি গৈছে।

বাতৰি অনুসৰি, ভূষণ ঠাকুৰে ঘৰৰ এটা সুকীয়া কোঠাত আছে আৰু নিজেই খাদ্য ৰান্ধি-বাঢ়ি খাইছে।

ভূষণেও পৰিয়ালৰ লগতে চাৰিদিন পূৰ্বে নমুনা দিছিল যদিও পৰিয়ালৰ বাকী সদস্যসকলৰ পজিটিভ অহাৰ বিপৰীতে তেওঁৰ ফলাফল নিগেটিভ আহে।

ভূষণ ঠাকুৰে জানিবলৈ দিয়ে যে আৰম্ভণিৰে পৰা তেওঁ নিয়মিতভাৱে মাস্ক পৰিধান কৰাৰ উপৰি হাত ছেনিটাইজ কৰিবলৈ পাহৰা নাই আৰু সামাজিক দূৰত্ব বিধিও সম্পূৰ্ণ মানি আহিছে।