• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চন্দ্ৰৰ বুকুত সূৰ্য্যোদয়ৰ লগে লগে আশাবাদী ইছৰোৰ বিজ্ঞানীসকল; নিদ্ৰা ভাঙিবনে লেণ্ডাৰ-ৰ’ভাৰৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2023 11:37 am
4.8k
VIEWS
Share on FacebookShare on Twitter

ৰাতিৰ আন্ধাৰ পাৰ হ’বলৈ আগবাঢ়িছে। চন্দ্ৰৰ বুকুত পুনৰ উদয় হ’ব সূৰ্য্য। আৰু নতুন সূৰ্য্যোদয়ৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ বিজ্ঞানীসকলৰ মনত জাগি উঠিছে আশা। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছত সকলো কাম সম্পূৰ্ণ কৰিছে। তাৰ পিছত চন্দ্ৰত নিশা হোৱাৰ বাবে দুসপ্তাহ ধৰি একেৰাহে শুই আছে। ১৪ দিনৰ পাছত চন্দ্ৰত সূৰ্য্যোদয়ৰ লগে লগে বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তোলাৰ প্ৰয়াস কৰা হ’ব।

চন্দ্ৰযান-৩ চন্দ্ৰলৈ পঠিওৱাত ইছৰোৱে তেওঁলোকৰ ১৪ দিনৰ কাম থকা বুলি জনাইছিল। দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছত ১৪ দিন চন্দ্ৰপৃষ্ঠৰ ফটো তোলাৰ লগতে চন্দ্ৰত বিভিন্ন খনিজ পদাৰ্থৰ নমুনা সংগ্ৰহ কৰিছিল। ফলত আপাত দৃষ্টিত সম্পূৰ্ণ সফল চন্দ্ৰযান-৩ অভিযান।

লগতে পঢ়ক: পাকিস্তানীৰ সৈতে ‘স্পৰ্শকাতৰ তথ্য বিনিময়’ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ এজন লোক

চন্দ্ৰৰ বুকুত ৰাতি হোৱাত প্ৰজ্ঞান আৰু বিক্ৰমে কাম বন্ধ কৰিব লগা হ’ল। কাৰণ ৰাতি চন্দ্ৰৰ উষ্ণতা মাইনাছ ২০০ৰ পৰা ৩৫০ ডিগ্ৰীলৈকে হয়। এই চৰম বতৰৰ অৱস্থাত কাম কৰাটো দূৰৰ কথা, টিকি থকাটোৱেই কঠিন। সেইবাবেই চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু ৰ’ভাৰক শ্লিপ মোডলৈ পঠিওৱা হৈছিল।

এতিয়া আকৌ চন্দ্ৰত সূৰ্যোদয় হোৱাৰ সময় আহিছে। আৰু ইছৰোৰ বিজ্ঞানীসকলে  পুনৰ আশাত বন্দী হৈছে। যদিহে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞান পুনৰ জাগি উঠে, তেন্তে এই অভিযান দুগুণ সফল বুলি বিবেচিত হ’ব।

লগতে পঢ়ক: এছিয়ান গেমছ: তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰি নকআউটত ভাৰতৰ ভলীবল দল

বৃহস্পতিবাৰ-শুকুৰবাৰ চন্দ্ৰত সূৰ্য্যোদয় হ’ব। এই সময়তে চন্দ্ৰযানৰ মডিউলসমূহ পুনৰ সক্ৰিয় কৰাৰ চেষ্টা কৰা হ’ব। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয়, ‘লেণ্ডাৰ আৰু ৰ’ভাৰ শিৱশক্তি পইণ্টত ৰৈ আছে। ইছৰোৱে সূৰ্য্যোদয় হ’লে মডিউল দুটা পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰিব। আশাকৰোঁ ২২ ছেপ্টেম্বৰত লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞান পুনৰুজ্জীৱিত হ’ব।”

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd