ধৰ্ম সংকট! ৰাম মন্দিৰৰ উদ্বোধন বৰ্জন ৪ শংকৰাচাৰ্যৰ

অহা ২২ জানুৱাৰীত উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ ইতিমধ্যে নাকচ কৰিছে কংগ্ৰেছে। ইফালে অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান কাৰ্যতঃ বৰ্জন কৰিছে দেশৰ চাৰি শংকৰাচাৰ্যই।

পুৰী আৰু যোশীমাঠৰ শংকৰাচাৰ্যই নিমন্ত্ৰণ পালেও মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকিব বুলি স্পষ্টকৈ কৈছে। ৯ জানুৱাৰীত নিজৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰি যোশীমঠৰ শংকৰাচাৰ্য অভিমুকতেশ্বৰানন্দই কয় যে ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত চাৰিওজনেই উপস্থিত নাথাকিব।

বিশেষকৈ মন্দিৰটো সম্পূৰ্ণ হোৱাৰ আগতেই মুকলি কৰাটো ধৰ্মীয় নীতি-নিয়মৰ বিৰুদ্ধে। শংকৰাচাৰ্যৰ পবিত্ৰ কৰ্তব্য যে ধৰ্মীয় ইতিহাস আৰু পৰম্পৰা সঠিকভাৱে পালন কৰা হয় নে নহয় সেয়া নিশ্চিত কৰা। তেওঁৰ মতে চৰকাৰৰ এই খৰখেদা কৰাৰ কোনো প্রয়োজন নাছিল৷ ই হিন্দু ধৰ্মৰ পৰম্পৰা উলংঘা কৰিছে। যাৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আহ্বান নাকচ কৰিছে।

লগতে পঢ়কঃ শিৱমৰ দুৰ্দান্ত বেটিং, অক্ষৰৰ নিখুঁত বলিং; আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়ী টীম ইণ্ডিয়া

পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীয়ে ৪ জানুৱাৰীত কয় যে ২২ জানুৱাৰীত তেওঁ উপস্থিত নাথাকে। তেওঁৰ মন্তব্য, “মোৰ পদৰ মৰ্যাদাৰ বিষয়ে মই সচেতন। মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ ৰামৰ মূৰ্তি স্পৰ্শ কৰিব। তাত কি কৰিব লাগিব? মই মাত্ৰ থিয় হৈ হাত চাপৰি বজাম?” ভিডিঅ’টোত পুৰী শংকৰাচাৰ্যৰ এই বিস্ফোৰক মন্তব্য ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

যদিও নিশ্চলানন্দই ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক লৈ ক্ষোভ প্ৰকাশ কৰে, তথাপিও দ্বাৰকা আৰু শ্ৰীংগেৰীৰ শংকৰাচাৰ্যই এই অনুষ্ঠানত তেওঁলোকৰ কোনো অসন্তুষ্টি নাই বুলি এক বিবৃতি প্ৰদান কৰে। যদিও সেই মঠ দুটাৰ প্ৰশাসনে সেইদিনা শংকৰাচাৰ্য দুজন অযোধ্যালৈ নাযায় বুলি অৱগত কৰিছে। অৱশ্যে তেওঁলোকৰ এই সিদ্ধান্তৰ কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

৮ জানুৱাৰীত শৃংগেৰীৰ শংকৰাচাৰ্যই এক বিবৃতিত কয় যে ৰাম মন্দিৰৰ প্ৰতি তেওঁৰ অসন্তুষ্টিক লৈ মিছা অপপ্ৰচাৰ চলি আছে। তেওঁ নিজৰ সকলো ভক্তক দিনটোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাম মন্দিৰৰ উদ্বোধনী সন্দৰ্ভত তেওঁ কোনো বক্তব্য দিয়া নাছিল বুলিও দাবী কৰে দ্বাৰকা শংকৰাচাৰ্যই।

শেহতীয়াকৈ ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বী চম্পট ৰায়ে হিন্দী দৈনিক এখনক দিয়া সাক্ষাৎকাৰত দাবী কৰিছিল যে এই মন্দিৰটো হিন্দুৰ ৰামানন্দ মতবাদৰ অনুগামী। শৈৱ আৰু শাক্তবাদৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। শংকৰাচাৰ্য শৈৱী আছিল।

যোশীমাঠৰ শংকৰাচাৰ্যই চম্পতৰ মন্তব্যৰ ওপৰত আপত্তি তুলি কয় যে তেওঁৰ এই কথা কোৱাৰ কোনো অধিকাৰ নাই। সকলো হিন্দুৱে ৰাম মন্দিৰৰ বাবে ধন দিছে। যদি মন্দিৰটো ৰামানন্দপন্থীৰ, তেন্তে এই ট্ৰাষ্টৰ দায়িত্বত চম্পত কিয় আছে।