• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৱমৰ দুৰ্দান্ত বেটিং, অক্ষৰৰ নিখুঁত বলিং; আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়ী টীম ইণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2024 8:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুন মাহত অনুষ্ঠিত হ’ব আইচিচি টী-২০ বিশ্বকাপ ২০২৪। বিশ্বকাপৰ যুঁজৰ পূৰ্বে ভাৰতৰ এইখন শেষ দ্বিপাক্ষিক শৃংখলা। আই পি এল (আই পি এল ২০২৪) মাৰ্চ মাহত হ’লেও আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সম্ভাৱনা বহু কম। ‘মেন ইন ব্লু’ ব্ৰিগেডে মাত্ৰ দুখন ২০ অভাৰৰ আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সুযোগ পাব।

এনে পৰিপ্ৰেক্ষিতত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন টী-২০ মেচত ৬ উইকেটত জয়লাভ কৰিলেও শুভমন গিলৰ মানসিকতাত সন্তুষ্ট নহ’ব ৰোহিত শৰ্মা। অৱশ্যে এই আঘাতৰ পিছতো ভাৰতৰ মান ৰক্ষা কৰিলে শিৱম ডুবেই। ২০ অভাৰৰ ফৰ্মেটত তেওঁৰ দ্বিতীয় আৰু অপৰাজিত অৰ্ধশতকেৰে ভাৰতে জয়লাভ কৰে। শেষৰ পিনে জিতেশ শৰ্মা আৰু ৰিংকু সিঙে তেওঁক যোগ্য সংগ দিয়ে।

এই খেলখনৰ পৰা বিৰাট কোহলী আঁতৰি যায়। আঘাতৰ বাবে সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়া দলৰ পৰা আঁতৰি আছে। কিন্তু ঘৰুৱা খেলপথাৰত সুযোগৰ সদ্ব্যৱহাৰ ল’ব নোৱাৰিলে শুভমনে। তেওঁৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে ইনিংছৰ দ্বিতীয় বলত ৰোহিত ৰান আউট হয়।

Apply Now
ফটো সৌজন্যঃ বিচিচিআই।

অধিনায়কগৰাকীয়ে খঙত খেলপথাৰ এৰিলে যদিও শুভমনে আক্ৰমণাত্মকভাৱে ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। কিন্তু দমনীয় হৈ দেখুৱাব নোৱাৰিলে। মুজিবুৰ ৰহমানক অপ্ৰয়োজনীয়ভাৱে ষ্টেপ আউট কৰি  মাৰিবলৈ গৈ ১২টা বলত ২৩ ৰানত নিজৰ উইকেট নিক্ষেপ কৰি পেভলিয়নলৈ উভতি আহে। ২৮ ৰানত ২ উইকেট হেৰুৱায় ভাৰতে।

অৱশ্যে তিলক বাৰ্মাই চাপত সেও মনা নাছিল। বাওঁহাতৰ খেলুৱৈগৰাকীয়ে অতি আগ্ৰাসী মুডত শিৱম ডুবেৰ সৈতে ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। কিন্তু তিলকৰ ইনিংছ বহু দূৰ আগুৱাব নোৱাৰিলে। গুলবাদিন নাইবে ডিপ স্কোৱেৰত আজমাতুল্লাহ ওমৰজাইৰ বলত তুলি দিয়া কেচটো কৰায়ত্ত কৰে। ২২টা বলত ২৬ ৰান কৰি ওভতে তিলক। ফলত ভাৰতে ৭২ ৰানত ৩টা উইকেট হেৰুৱায়।

অৱশ্যে শিৱমে জীতেশৰ লগত দৃঢ়তাৰে মুখামুখি হ’ল। চতুৰ্থ উইকেটৰ যুটীত দুয়োজনে চকুৰ পলকতে ৪৫ ৰান সংযোজন কৰে। ইয়াৰ পিছত জীতেশে ব্যক্তিগত ৩১ ৰানেৰে উভতি আহে যদিও মেচখনত জয়ী হোৱাৰ বাবে খৰধৰ কৰিব লগা হোৱা নাছিল। কাৰণ ৰিংকু সিং আৰু শিৱমে বাকীখিনি চম্ভালি লৈছিল।

ফটো সৌজন্যঃ বিচিচিআই।

শিৱমে শেষবাৰৰ বাবে ২০১৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫৪ ৰান কৰিছিল। বৃহস্পতিবাৰে ২০ অভাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয়টো অৰ্ধশতক সম্পূৰ্ণ কৰিলে। বাওঁহতীয়া অলৰাউণ্ডাৰগৰাকীয়ে ৪০টা বলত ৬০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁৰ মেচ বিজয়ী ইনিংছটো ৫টা চাৰি আৰু ২টা ছয়েৰে সজোৱা হৈছিল। ৰিংকুৱে ৯টা বলত ১৬ ৰান কৰি অপৰাজিত হৈ থাকে।

ইপিনে, আফগানিস্তানৰ অ’পেনাৰ দুজনে প্ৰথমে বেটিং কৰিবলৈ আহি সতৰ্কতাৰে আৰম্ভণি কৰিছিল। পাৱাৰ প্লে’ত আফগানিস্তানে কোনো উইকেট হেৰুৱা নাছিল। তেতিয়া ভবা হৈছিল যে আফগানসকলে ডাঙৰ স্কোৰ কৰিব। ৰহমানুল্লাহ গুৰবাজে ২৩ ৰানত আউট হোৱাৰ লগতে অধিনায়ক ইব্ৰাহিম জৰ্ডানে ২৫ ৰান সংগ্ৰহ কৰে। আজমাতুল্লাহ ওমৰজাই ২৯ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ বিচিচিআই।

মহম্মদ নবিৰ বাহিৰে আন কোনো আফগান বেটছমেনে ভাৰতীয় বলাৰক চিন্তাত পেলাব নোৱাৰিলে। পাঁচ নম্বৰত বেটিং কৰিবলৈ নামি নবীয়ে ২৭টা বলত ৪২ ৰান সংগ্ৰহ কৰে। তেওঁ আক্ৰমণাত্মক ইনিংছটো ২টা চাৰি আৰু ৩টা ছয়ৰে সজাইছিল। অক্ষৰ পেটেলে ২৩ ৰানত ২ টা আৰু মুকেশ কুমাৰে ৩৩ ৰানত ২টা উইকেট সংগ্ৰহ কৰে।

মোহালীত আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ প্রথমখন খেলত বলাৰসকলৰ প্রদর্শনে ভাৰতীয় শিবিৰক সকাহ দিব৷ টছত জয়ী হৈ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আফগান অ’পেনাৰ দুগৰাকীয়ে বিস্ফোৰক আৰম্ভণি কৰিছিল যদিও কোনো লাভ নহ’ল।

ফটো সৌজন্যঃ বিচিচিআই।

আফগানিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৫৮ ৰানত আবদ্ধ হৈ পৰে। অৱশ্যে সেই ৰান জয় কৰিবলৈ ভাৰতে বিশেষ কষ্ট কৰিব নালাগিল। অহা ১৪ জানুৱাৰীত ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত দ্বিতীয়খন খেলত মুখামুখি হ’ব দুয়োটা দল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

July 23, 2026 10:17 am
প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd