NORTHEAST NOW (Assamese)

দুবছৰৰ ভিতৰত অৰুণাচলৰ সকলো চৰকাৰী কাৰ্য্যালয় কাগজবিহীন হ’ব : পেমা খাণ্ডু

February 17, 2019 1:16 pm · এন ই নাও নিউজ

ডিজিটেল ইণ্ডিয়াক সফল ৰূপ দিয়া সবাতোকৈ অগ্ৰণী ৰাজ্য কৰি তোলাৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশৰ চৰকাৰী কামকাজ অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ কাগজবিহীনভাৱে চলাবলৈ সংকল্প লৈছে পেমা খাণ্ডু চৰকাৰে। মুখ্য মন্ত্ৰীজনে অলপতে টাৱাঙৰ এটা অনুষ্ঠানত এই কথা ৰাজহুৱাকৈ ঘোষণা কৰে।

“চৰকাৰে প্ৰশাসন চলোৱাৰ ক্ষেত্ৰত তথ্য-প্ৰযুক্তিক পূৰ্ণ ৰূপত ব্যৱহাৰ কৰিবলৈ পদে পদে আগ বাঢ়ি গৈছে আৰু ২০২১-অত সকলো চৰকাৰী কাৰ্য্যালয় কাগজবিহীন ই-কাৰ্য্যালয় হৈ উঠিব”, টাৱাং আৰু ডিৰাং জিলাৰ বাবে ৱাইফাই হটস্পট মুকলি কৰা এটা অনুষ্ঠানত মুখ্য মন্ত্ৰীজনৰ এই মন্তব্য।

কাগজবিহীন ই-কাৰ্য্যালয়ৰ সপক্ষে যুক্তি দি পেমা খাণ্ডুৱে কয় যে এই পদ্ধতিত প্ৰশাসনৰ স্বচ্ছতা নিশ্চিত হোৱাৰ লগতে জনগণে অধিক সহজে সেৱাবোৰৰ কাষ চাপিব পাৰিব।

উল্লেখযোগ্য যে অৰুণাচল চৰকাৰে ইয়াৰ বাজেটৰ ঘোষণা মতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান আৰু ৰাজহুৱা ঠাইত ৱাইফাইৰ সুবিধা ইতিমধ্যে বহুতত কাৰ্য্যকৰী কৰিছে।

Related News