তেল কোম্পানিৰ বিৰুদ্ধে প্ৰতিবাদ! ২৫ নৱেম্বৰত বন্ধ থাকিব মহানগৰীৰ সকলো তেল ডিপো

petrol-pump

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

২৫ নৱেম্বৰত নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডীলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাই ২৪ ঘণ্টীয়া তেল ডিপো বন্ধৰ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত মহানগৰত বন্ধ থাকিব সকলো তেল ডিপো।

তেল কোম্পানিবোৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এই বন্ধৰ কাৰ্য্যসূচী আহ্বান দিয়া বুলি নৰ্থ-ইষ্ট নাওৰ সাংবাদিকক আজি এছ’চিয়েশ্যনৰ গুৱাহাটী শাখাৰ সভাপতি ৰাজীৱ গোস্বামীয়ে জানিবলৈ দিয়ে।

এই কাৰ্য্যসূচীৰ অধীনত ২৫ নৱেম্বৰ, অৰ্থাৎ সোমবাৰে পুৱা ৫ বজাৰ পৰা মঙলবাৰৰ পুৱা ৫ বজালৈকে তেল ডিপোসমূহ বন্ধ ৰাখিব এছ’চিয়েশ্যনে।

“তেল কোম্পানিসমূহে অট’মেশ্যনৰ নামত ডিপোসমূহৰ তেলৰ টেংকত এবিধ বৈদ্যুতিক যন্ত্ৰ স্থাপন কৰিছে। অথচ কোম্পানিসমূহৰ হাতত কণ্ট্ৰ’লাৰ অব এক্সপ্ল’ছিভৰ কোনো অনুমতি নাই। সাধাৰণ মানুহ আৰু আমাৰ কৰ্মচাৰীৰ জীৱনৰ প্ৰতি ভাবুকি অহাকৈ কিছুমান নীতিবহিৰ্ভূত কাম তেল কোম্পানিসমূহে কৰি আহিছে”, গোস্বামীয়ে নৰ্থ-ইষ্ট নাওক কয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে পেট্ৰ’ল ডিপোসমূহত যিকোনো নতুন কাম-কাজ বা আহিলা সংস্থাপনৰ বাবে এক্সপ্ল’ছিভ ক্লিয়েৰেন্স লোৱাটো বাধ্যতামূলক। কিন্তু কোম্পানিবিলাকে এনেকুৱা কিছুমান কাম কৰি আছে, যিবোৰে এই নীতিৰ ভংগ কৰিছে। ইয়াৰ পৰা মানুহৰ জীৱন বা সম্পত্তি ধ্বংস হোৱাৰ সম্ভাৱনা আছে।

এছ’চিয়েশ্যনৰ দাবীৰ বিষয়ে জানিবলৈ দি গোস্বামীয়ে কয়, “আমি তেল কোম্পানিসমূহৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিছো যে এনে ধৰণৰ বৈদ্যুতিক মেচিনৰ পৰা কেতিয়াবা কাৰোবাৰ সম্পত্তি বা জীৱন যদি বিনষ্ট হয়, তাৰ দায়িত্ব তেওঁলোকে ল’ব, ডিলাৰৰ তাত কোনো দায়িত্ব নাই।”

এছ’চিয়েশ্যনে এই বিষয়ে কোম্পানিসমূহক ডেৰ বছৰ ধৰি আপত্তি জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ গোস্বামীৰ।

তেওঁ এই কাৰ্য্যসূচী অধিক সম্প্ৰসাৰিত কৰাৰ ইংগিত দি কয়, “প্ৰথমতে আমি গুৱাহাটীত এই বন্ধৰ কাৰ্য্যসূচী লৈছো, যদি তাৰ পাছতো আমাৰ দাবী মানি নলয়, তাৰ বাবে আমি সমগ্ৰ অসমতে তেল ডিপো বন্ধৰ কাৰ্য্যসূচী ঘোষণা কৰিম।”