NORTHEAST NOW (Assamese)

বৰষুণৰ প্ৰভাৱত শাম কাটিছে অসহনীয় গৰম; ২৭ আৰু ২৮ আগষ্টত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ বাতিল

August 26, 2019 9:07 pm · এন ই নাও নিউজ
Updated: August 27, 2019 8:02 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হোৱা পাতলীয়া বৰষুণৰ প্ৰভাৱত অসহনীয় গৰম কিছু পৰিমাণে শাম কটা বাবে কামৰূপ (মেট্ৰো) জিলা প্ৰসাশনে ২৭ আৰু ২৮ আগষ্টত জিলাখনৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ বাতিল কৰে।

এতিয়া প্ৰশাসনীয় নিৰ্দেশ অনুসৰি উক্ত দুয়োটা দিনত বিদ্যালয়সমূহ খোলা থাকিব।

উল্লেখযোগ্য যে, ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে কামৰূপ (মেট্ৰো) জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় ২৭ আগষ্ট আৰু ২৮ আগষ্টত দুদিনৰ বাবে বন্ধ থাকিব বুলি কামৰূপ (মেট্ৰো) জিলাৰ উপায়ুক্তই আজি এখন জাননী জাৰি কৰি সকলো জনাইছিল।

ৰাজ্যত প্ৰচণ্ড গৰমৰ বাবে দিনৰ ভাগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে অসুবিধা ভোগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

গৰমৰ বাবে যাতে কোনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় তাৰপ্ৰতি লক্ষ্যৰাখি মহানগৰ প্ৰশাসনে পূৰ্বে এনেধৰণৰ নিৰ্দেশ দিছিল।

কিন্তু এতিয়া বতৰ কিছু পৰিমানে ঠাণ্ডা হোৱা বাবে বিদ্যালয়সমূহত পাঠদান অব্যাহত ৰখাৰ বাবে নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে।

বৰিবাৰ আৰু সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ্ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ক্ৰমে ৩৭ ডিগ্ৰী, ২৭ ডিগ্ৰী আৰু ৩৬ ডিগ্ৰী, ২৬ ডিগ্ৰী।

চৰকাৰে পূৰ্বে বিদ্যালয় বন্ধ থাকিব বুলি দিয়া বাতৰিটো তলত দিয়া লিংকটোত গৈ পঢ়ক-

প্ৰচণ্ড গৰমৰ বাবে কামৰূপ(মেট্ৰো)জিলাত দুদিনৰ বাবে সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

 

Related News