NORTHEAST NOW (Assamese)

বানঃ আজি কামৰূপ(মহানগৰ) আৰু বঙাইগাঁও জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ

June 16, 2022 7:28 am · এন ই নাও নিউজ,গুৱাহাটী, প্ৰণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: June 16, 2022 8:25 am

বিগত কেইদিনমান ধৰি হৈ থকা অবিৰত ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি বহু চৰকাৰী – বেচৰকাৰী বিদ্যালয় চৌহদ জলমগ্ন হৈ পৰিছে ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী মহানগৰীৰ অসম জাতীয় বিদ্যালয়কে ধৰি  কামৰূপ (মহানগৰ) জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ  ঘোষণা কৰিছে প্ৰশাসনে। চৰকাৰী ঘোষণা অনুসৰি কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত) কাইলৈ (১৬/০৬/২০২২) বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব।

একেদৰে বঙাইগাঁও জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ অৱশ্যে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষাসূচী থকা বিদ্যালয়সমূহ খোলা থাকিব ৷

বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ কৰা মতে কেইবাদিন ধৰি অবিৰতভাৱে হৈ থকা বৰষুণৰ বাবে জিলাখনৰ বহু চৰকাৰী-বেচৰকাৰী বিদ্যালয় চৌহদত হয়তো পানী জমা হৈছে আৰু যাৰ বাবে ক্লাছ কৰা অসুবিধাজনক হ’ব পাৰে।

গতিকে ছাত্ৰ-ছাত্ৰীৰ বাবে সেয়া বিপদজনক হোৱাৰ আশংকা কৰি আজি অৰ্থাৎ  ১৬ জুনৰ বাবে চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে।

Related News