NORTHEAST NOW (Assamese)

আফগানিস্তানৰ বাগৰামৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ; তালিবানৰ আদৰণি

July 3, 2021 11:16 am · এন ই নাও নিউজ

আফগানিস্তানৰ আটাইতকৈ ডাঙৰ বিমানঘাটি বাগৰামৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ কৰা হৈছে। আমেৰিকাৰ এই সিদ্ধান্তক আদৰণি জনাইছে তালিবানে।

শুকুৰবাৰে তালিবানৰ মুখপাত্ৰ জবিউল্লাহ মুজাহিদে ইয়াক এক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰিছে।

আফগানিস্তানৰ পুৰণি চহৰ বাগৰামৰ পৰা অৱশেষত সেনা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ কেইঘন্টামান পাছতে তালিবানে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তালিবানৰ মুখপাত্ৰ মুজাহিদৰ মতে আফগানিস্তানৰ পৰা সকলো বিদেশী সেনা প্ৰত্যাহাৰ কৰিলে দেশখনত শান্তি তথা সুস্থিৰতা অহাৰ পথ প্ৰশস্ত হ’ব।

আফগানিস্তানৰ ৰাজধানী কাবুলৰ পৰা ৫০ কিলোমিটাৰ উত্তৰে বাগৰাম বিমানঘাটিটো দেশখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান বিমানঘাটি আছিল।

আফগানিস্তান যুদ্ধত আমেৰিকাৰ সক্ৰিয়তাৰ সময়ছোৱাত এই বিমানঘাটিত হাজাৰোধিক মাৰ্কিন সেনাৰ উপস্থিতি আছিল। আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি উচ্চ পদস্থ বিষয়াসকলৰ অনানুষ্ঠানিক ভ্ৰমণত আফগানিস্তানলৈ এই বিমানঘাটিত থাকিবলৈ লৈছিল।

বিগত দুটা দশক জুৰি এই বাগৰাম বিমানঘাটিক কেন্দ্ৰ কৰিয়েই আফগানিস্তানত আমেৰিকান সেনাবাহিনীৰ সঞ্চালন পৰিচালিত হৈছিল। বিমানঘাটিটোত আফগানিস্তানত আমেৰিকাৰ অভিযানৰ নিয়ন্ত্ৰণ স্থাপন হৈছিল।

বাগৰাম বিমানঘাটি কাৰাগাৰ হিচাপেও ব্যৱহাৰ হৈছিল আৰু তাত হাজাৰ হাজাৰ তালিবানক বন্দী কৰি ৰখা হৈছিল।

Related News