তেলেংগানাতো ‘অপাৰেচন লোটাছ’; গাইপতি ৫০ কোটি দি ৪ জন টিআৰএছ বিধায়কক ক্ৰয়ৰ চেষ্টা!

অভিযোগ অনুসৰি বিজেপিৰ টোপ লাভ কৰা টিআৰএছৰ চাৰিজন বিধায়ক।

BJP to to buy four MLAs of Telangana’s ruling TRS party! মহাৰাষ্ট্ৰ, দিল্লী আৰু পঞ্জাৱৰ পিছত এইবাৰ বিজেপিয়ে তেলেংগানাত ‘অপাৰেচন লোটাছ’ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ বিৰুদ্ধে ক্ষমতাসীন টিআৰএছৰ চাৰিজন বিধায়কক বৃহৎ পৰিমাণৰ ধন আৰু পদৰ বিনিময়ত দলত্যাগৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

এই সন্দৰ্ভত তেলেংগানা আৰক্ষীয়ে বিজেপিৰ ঘনিষ্ঠ দুজন ধৰ্মগুৰু আৰু এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।

অভিযোগ কৰা হৈছে যে তেলেংগানাৰ পৰা চাৰিজন বিজেপি বিধায়ক ক্ৰয় কৰিবলৈ বিজেপিয়ে মুঠ ২৫০ কোটি টকা আগবঢ়াইছিল। বিজেপিয়ে প্ৰতিজন বিধায়কক ৫০ কোটি টকা আৰু তেওঁলোকৰ নেতাক ১০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ লগতে আকাংক্ষিত পদৰ টোপ দিয়া হৈছিল।

লগতে পঢ়ক: ইউক্ৰেইনক ৪০০ ইৰাণী ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ! দাবী জেলেনস্কিৰ

অৱশ্যে টিআৰএছ বিধায়কসকলে সেই পৰিকল্পনাটো বিফল কৰা বুলি ৰাজ্যৰ আৰক্ষীয়ে দাবী কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি বিজেপিয়ে চাৰিজন টিআৰএছ বিধায়ক ক্ৰয় কৰিবলৈ তিনিজন লোকক হায়দৰাবাদলৈ পঠিয়াইছিল। হাৰিয়ানাৰ এটা মন্দিৰৰ পুৰোহিত ৰামচন্দ্ৰ ভাৰতী, তিৰুপতিস্থিত ধৰ্মগুৰু ডি চিমায়াজী আৰু নন্দকুমাৰ নামৰ এজন ব্যৱসায়ী টিআৰএছ বিধায়কসকলক দলত্যাগৰ প্ৰস্তাৱ দিবলৈ হায়দৰাবাদৰ এখন ফাৰ্ম হাউচলৈ গৈছিল।

এজন টিআৰএছ বিধায়কৰ ফাৰ্মহাউচত ‘ডীল ফাইনেল’ হোৱাৰ কথা আছিল। কিন্তু বিধায়কজনে আৰক্ষীক অৱগত কৰিছিল আৰু সকলো পৰিকল্পনা ফাদিল কৰিছিল। আৰক্ষীয়ে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দলত্যাগৰ প্ৰস্তাৱ দিয়া বিধায়কসকলক মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বাসগৃহলৈ লৈ যোৱা হৈছে। অৱশ্যে বিজেপিয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে গোটেই ঘটনাটো সাজি উলিওৱা হৈছে।

লগতে পঢ়ক: অৱশেষত মৃত্যুৰে হাৰ মানিলে অভিনেতা নিপন গোস্বামীয়ে, সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ 

উল্লেখ্য যে সমগ্ৰ দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ বাহিৰে আন কোনো ৰাজ্যতে বিজেপিৰ বিশেষ প্ৰভাৱ নাই। যোৱা দুই-আঢ়ৈ বছৰত গেৰুৱা শিবিৰে তেলেংগানাত ইয়াৰ শক্তি বৃদ্ধি কৰা আৰম্ভ কৰিছে। অৱশ্যে গেৰুৱা শিবিৰ শাসনাধিষ্ঠিত টিআৰএছ চৰকাৰক উৎখাত কৰিব পৰা অৱস্থাত নাই। ১১৯ জনীয়া তেলেংগানা বিধানসভাত বিজেপিৰ মাত্ৰ দুজনহে বিধায়ক আছে।