লীলাৱতী চিকিৎসালয় চৌহদৰ পৰা উদ্ধাৰ মূৰৰ খুলি, হাড়; ক’লা যাদুৰ অভিযোগক লৈ তোলপাৰ
এক ভয়ংকৰ অভিযোগ। মুম্বাইৰ বিখ্যাত লীলাৱতী চিকিৎসালয়ত ক’লা যাদু চলোৱাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ চিকিৎসালয়ৰ চৌহদত মানুহৰ মূৰৰ খুলি, হাড়, চুলি, চাল উদ্ধাৰ হৈছে। এইবোৰ আঠটা জাৰত ৰখা হৈছিল। এই দাবী কৰিছে হাস্পতালৰ ট্ৰাষ্টী প্ৰশান্ত মেহতাই। এখন বিখ্যাত চিকিৎসালয়ত এনে ঘটনা পোহৰলৈ অহাৰ লগে লগে ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে।
মেহতাই দাবী কৰে যে ক’লা যাদুৰ বাবে ব্যৱহাৰ কৰা এই সামগ্ৰীসমূহ চিকিৎসালয়ৰ কাৰ্যালয়ৰ মজিয়াৰ তলত উদ্ধাৰ কৰা হৈছে। একে সময়তে তেওঁ পূৰ্বৰ ট্ৰাষ্টীসকলৰ বিৰুদ্ধে ১৫০০ কোটি টকাৰ আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে প্ৰাক্তন ট্ৰাষ্টীসকলে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে।
ক’লা যাদুৰ অংশ হিচাপেও মানৱ বলিৰ দৰে ঘটনা সংঘটিত হ’ব পাৰে বুলি মেহতাৰ আশংকা। এনে অভিযোগক লৈ মুম্বাইত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মেহতাৰ মতে, ২০২৪ চনৰ ডিচেম্বৰ মাহত এই বিষয়টো চিকিৎসালয়ৰ একাংশ কৰ্মচাৰীয়ে তেওঁৰ দৃষ্টিগোচৰ কৰিছিল।
ইতিমধ্যে এই সন্দৰ্ভত থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। এফআইআৰৰ মতে, মেহতাই চিকিৎসালয়খনৰ অভিযান্ত্ৰিক বিভাগক কাৰ্যালয়ৰ মজিয়া ভাঙিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে। সেইখন ভঙাৰ পিছতে এইবোৰ দেখা পাইছিল। যিটো দেখি সকলোৱে হতবাক হৈ পৰে। তেওঁ লগতে সকলো ভিডিঅ’ ৰেকৰ্ড কৰা বুলিও দাবী কৰে। মেহতাই দাবী কৰে যে ইয়াৰ ফলত চিকিৎসালয়খনৰ প্ৰতি নেতিবাচক মনোভাৱৰ সৃষ্টি হৈছে।
মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিং বৰ্তমান লীলাৱতী চিকিৎসালয়ৰ কাৰ্যবাহী সঞ্চালক। তেওঁৱো এই দাবীক সমৰ্থন কৰিছে। অৱশ্যে আৰক্ষীৰ বিৰুদ্ধে এফআইআৰ লবলৈ অস্বীকাৰ কৰাৰ অভিযোগ তোলে। ফলত তেওঁলোক আদালতলৈ যায়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিকিৎসালয়খনৰ পূৰ্বৰ ব’ৰ্ডৰ সদস্যসকলে এই অভিযোগ অস্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰে। তেওঁলোকে ইয়াৰ পূৰ্বে বান্দ্ৰা থানাত এজাহাৰ দাখিল কৰা হৈছিল বুলি দাবী কৰে। ইয়াৰ বিৰুদ্ধ বম্বে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে। গোচৰৰ শুনানিৰ বাবে অপেক্ষা কৰি আছে।
অৱশ্যে তেওঁলোকৰ বিৰুদ্ধে কোনো নতুন অভিযোগ উত্থাপন হোৱাৰ বিষয়ে তেওঁলোকে অৱগত নাছিল। তেওঁলোকৰ বিৰুদ্ধে মিছা আৰু ভিত্তিহীন অভিযোগ উত্থাপন হৈছে। বিবৃতিটোত প্ৰাক্তন সদস্যসকলে লগতে দাবী জনাইছে যে লীলাৱতী ট্ৰাষ্টৰ প্ৰকৃত ট্ৰাষ্টী কোন? সেই সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা নাই।