ড’নাল্ড ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালত যিটো বিষয়ত আটাইতকৈ বেছি গুৰুত্ব দিছিল সেয়া হৈছে শুল্ক। তেওঁ সদায় পাৰস্পৰিক শুল্কৰ কথা কৈছিল, য’ত তেওঁ মিত্ৰ দেশসমূহকো ৰেহাই দিবলৈ ইচ্ছুক নাছিল।
তাৰ মাজতে, হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰলিন লেভিটে মঙলবাৰে এখন প্ৰেছ মেলৰ সময়ত বিভিন্ন দেশে আমেৰিকাৰ ওপৰত আৰোপ কৰা শুল্কক লৈ দুখ প্রকাশ কৰিছে।
তেওঁ আমেৰিকাৰ সুৰা আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত ভাৰতে ১৫০% শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাৰস্পৰিক সহযোগিতাত বিশ্বাস কৰে আৰু তেওঁ ন্যায়সংগত আৰু ভাৰসাম্যপূৰ্ণ বাণিজ্যিক পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰেছ সচিবগৰাকীয়ে কানাডাই আমেৰিকা আৰু আমেৰিকানক তেওঁলোকৰ শুল্ক হাৰৰ জৰিয়তে দশক দশক ধৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। লেভিটে কয় যে কানাডাই দশক দশক ধৰি আমেৰিকা আৰু কঠোৰ পৰিশ্ৰমী আমেৰিকানক লুন্ঠন কৰি আহিছে।
লেভিটে ভাৰত আৰু জাপানে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ কথাও উল্লেখ কৰে। “আচলতে মোৰ ওচৰত এখন চাৰ্ট আছে য’ত কেৱল কানাডাতে নহয়, সমগ্ৰ ব’ৰ্ডৰ শুল্কৰ হাৰ দেখুওৱা হৈছে। যদি আপুনি কানাডাৰ কথা কয় তেন্তে আমেৰিকাৰ পনিৰ আৰু মাখনৰ ওপৰত প্ৰায় ৩০০ শতাংশ শুল্ক আছে। এতিয়া ভাৰতলৈ চাওক, আমেৰিকাৰ সুৰাৰ ওপৰত ১৫০ শতাংশ শুল্ক আছে।”
যোৱা সপ্তাহত ট্ৰাম্পে ভাৰতৰ শুল্কক সমালোচনা কৰি কয় যে ভাৰতত ইমান শুল্ক থকাৰ বাবে কোনো বস্তু বিক্ৰী কৰাটো অসম্ভৱ। হোৱাইট হাউছত দিয়া ভাষণত ট্ৰাম্পে কয় যে ভাৰতে আমাৰ ওপৰত ব্যাপক শুল্ক আৰোপ কৰে। ভাৰতত একো বিক্ৰী কৰিব নোৱাৰি…যি নহওক, তেওঁলোকে মান্তি হৈছে। তেওঁলোকে এতিয়া নিজৰ শুল্ক বহুত হ্ৰাস কৰিব বিচাৰিছে কাৰণ অৱশেষত কোনোবাই তেওঁলোকৰ কামৰ কথা উদঙাই দিছে।”