আৰক্ষীৰ উপ-অধীক্ষকৰ দুৰ্নীতি : আৰক্ষী সঞ্চালক প্ৰধানক অভিযোগ দাখিল

complain police officer.docx photo

দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা নগাঁৱৰ উপ আৰক্ষী অধীক্ষক সবিতা দাস। ফটো : নৰ্থইষ্ট নাও

পুনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। নগাঁৱৰ সবিতা দাস নামৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষী সঞ্চালক প্ৰধানক তথ্য-প্ৰমাণসহ অভিযোগ দাখিল কৰিলে নগাঁও চহৰৰ সৌৰভ হাজৰিকা নামৰ এজন যুৱকে।

যুৱকজনৰ অভিযোগ অনুসৰি যোৱা ৩১ আগষ্টত সবিতা দাস নামৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে নগাঁও চহৰৰ পলি ৰোডৰ নিজা বাসগৃহৰ সন্মুখত তিনিজন বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাত সৌৰভ হাজৰিকাক বিনাকাৰণত আটক কৰি সদৰ থানালৈ লৈ যায়। ইয়াৰ পিছত পিছদিনা পুৱা অৰ্থাৎ ১ছেপ্টেম্বৰত বিয়লি ৪ বজাত সদৰ আৰক্ষী থানাৰ পৰা তেঁওলোকক মুকলি কৰি দিয়ে যদিও তেঁওৰ চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ জব্দ কৰি ৰাখে আৰু ইয়াৰ বাবদ ৪০ হাজাৰ টকা জ্যোতি খাউণ্ড নামৰ সদৰ থানাৰ কৰ্মচাৰীজনৰ জৰিয়তে দাবী কৰে।

উল্লেখযোগ্য যে, উৎকোচ বিচৰাৰ সমগ্ৰ তথ্য সৌৰভ হাজৰিকাই গোপন কেমেৰাৰ জৰিয়তে বন্দী কৰিছিল। ইতিমধ্যে, উৎকোচ বিচৰাৰ অভিযোগ উত্থাপিত কৰি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে জ্যোতি খাউণ্ড নামৰ আৰক্ষীৰ কৰ্মচাৰীগৰাকীয়ে।

আনহাতে, আৰক্ষী সঞ্চালক প্ৰধানৰ উপৰি এই অভিযোগৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু সদৰ সমষ্টিৰ বিধায়কলৈ প্ৰেৰণ কৰে। সম্প্ৰতি আৰক্ষী বিষয়াৰ এই কু-কাণ্ডক লৈ সমগ্ৰ নগাঁৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

যিসময়ত নগাঁও আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ৪ জন অভিযুক্তক আটক কৰি সফলতা অৰ্জন কৰিছে সেই সময়তে নগাঁও আৰক্ষীৰ এইগৰাকী উপ-অধীক্ষকৰ কৰ্মকাণ্ডই সমগ্ৰ বিভাগটোকে লজ্জানত কৰিছে। এইক্ষেত্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।