• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণাই বালিজানা শিশু উন্নয়ন প্ৰকল্পত ইচিচিই প্ৰশিক্ষণৰ নামত ব্যাপক অনিয়ম : তদন্তৰ দাবী

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 19, 2018 7:37 pm
Integrated Child Development Service Scheme.
653
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই-বালিজানা যুগ্ম সংহত শিশু উন্নয়ণ প্ৰকল্পত “প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা (ইচিচিই)” বিষয়ক প্ৰশিক্ষণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি প্ৰশিক্ষণৰ দায়িত্বত থকা বিষয়াবৰ্গই  প্ৰশিক্ষণৰ নামত বিভাগে আগবঢ়োৱা ধনৰ সামান্য অংশ খৰচ কৰি বাকী সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।৷

উল্লেখ্য যে, সমাজ কল্যাণ বিভাগে ৰাজ্যখনৰ শিশুসকলৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যেৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইয়াৰ ভিতৰত প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা বিষয়টোও অন্যতম৷

এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দশ্যৰে প্ৰতিটো উন্নয়ন প্ৰকল্পৰ অধীনস্থ অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলক লৈ ৬দিনীয়া এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়৷ এই কাৰ্যসূচী ৰূপায়ণৰ বাবে সমাজ কল্যাণ বিভাগে গোৱালপাৰা জিলাৰ মুঠ ৭ টা প্ৰকল্পৰ বাবে ৪৩,১৩,৮০০ লাখ টকা মোকলাই দিছে৷ কৃষ্ণাই-বালিজানা যুগ্ম সংহত শিশু উন্নয়ন প্ৰকল্পই লাভ কৰে ৮,১৭,৮০০ টকা৷ জানিব পৰা মতে, কৃষ্ণাই-বালিজানা প্ৰকল্পই যোৱা ২ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ ইচিচিই প্ৰশিক্ষণৰ আয়োজন কৰে৷

এই প্ৰশিক্ষণত মুঠ ৪৬১ গৰাকী কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে, কৃষ্ণাই-বালিজানা প্ৰকল্পৰ অধীনত মুঠ কেন্দ্ৰৰ সংখ্যা ৪৭৯ যদিও ইয়াৰে ১৮ কেন্দ্ৰত বৰ্তমানে কৰ্মী নাই৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰশিক্ষণত মুঠ ৪৬১ কৰ্মীয়ে যোগদান কৰে৷

প্ৰশিক্ষণৰ সুবিধাৰ বাবে কৰ্মীসকলক মুঠ ১১ দলত ভাগ কৰি লোৱা হয়৷ এই খিনিলৈ সকলো ঠিকেই আছিল৷ বিশৃংখলতাই দেখা দিয়ে প্ৰশিক্ষণ চলা সময়ত। কাৰণ বিভাগীয় নিয়ম মতে এই প্ৰশিক্ষণ আছিল ৬দিনীয়া কিন্তু কৃষ্ণাই-বালিজানা প্ৰকল্পৰ প্ৰশিক্ষণৰ দায়িত্বত থকা বিষয়াবৰ্গই অতিৰিক্ত লাভ কৰাৰ স্বাৰ্থত মাত্ৰ দুটা দলক ছয় দিনকৈ প্ৰশিক্ষণ আগবঢ়োৱাৰ বিপৰীতে বাকী ৯টা দলক মাত্ৰ পাঁচ দিনকৈহে প্ৰশিক্ষণ প্ৰদান কৰে৷

আনহাতে প্ৰশিক্ষণ কালত যোগান ধৰা খাদ্যৰ ক্ষেত্ৰতো নানান অভিযোগ উত্থাপিত হৈছে৷ বিভাগীয় নিৰ্দেশনা অনুসৰি, ৰাতিপুৱাৰ জলপানত দিব লাগে সিদ্ধ কণী আৰু ব্ৰেড৷ কিন্তু তাৰ সলনি কৃষ্ণাই-বালিজানা প্ৰকল্পত যোগান ধৰা হয় পেটিছ আৰু চাহ৷ সেইদৰে আবেলিৰ চাহৰ লগত পেটিছ দিব লাগে যদিও দিয়া হৈছে বিস্কুট ৷ দুপৰীয়াৰ ভাত সাজো বিভাগীয় নিয়ম মতে আগবঢ়োৱা হোৱা নাই ৷

পাঁচ দিনৰ এদিন নাম মাত্ৰ ব্ৰয়লাৰ মাংস,এদিন সামান্য মাছ আৰু এদিন এটাকৈ কণী দিয়াৰ বিপৰীতে বাকী দুদিন নিৰামিষ আহাৰ আগবঢ়ায়ে দায়িত্ব সামৰে কৰ্তৃপক্ষই ৷ লজ্জাজনক বিষয়টো হ’ল কিছু কৰ্মীৰ লগত সন্তান চোৱা চিতাৰ বাবে অহা যুৱতী মহিলা সকলক একাপ চাহ আগবঢ়োৱাৰ মানৱীয় দৃষ্টিকোন প্ৰকাশ কৰাৰ পৰাও বিৰত থাকে বিষয়াসকল ৷

সেই সকল কৰ্মীয়ে নিজৰ ধনেৰে খাদ্য কিনি খুৱাবলগীয়া হয় সহায়কাৰী মহিলা যুৱতী সকলক ৷ আনহাতে কৰ্মী সকলক প্ৰশিক্ষণৰ নামত ভ্ৰমণ বানচ দিব লাগে যদিও আজিলৈকে কোনো কৰ্মীকে সেই বানচৰ ধন প্ৰদান কৰা নাই বুলি একাংশ কৰ্মীয়ে অভিযোগ তুলিছে ৷

Recent News

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

ঘৰৰ সন্মুখতে পাৰ্কিঙক কেন্দ্ৰ কৰি বিবাদ; দিল্লীত অভিনেত্ৰী হুমা কুৰেশ্বীৰ ভাতৃক হত্যা যুৱকৰ

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

আকৌ ট্ৰাম্পৰ নতুন ভাবুকি-‘ভাৰতৰ সৈতে আৰু কোনো বাণিজ্যিক আলোচনা নহয়’

উত্তৰ-পূবৰ ৰাজনীতিত জোকাৰণি! কিয় হঠাতে দলৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কিকনে?

উত্তৰ-পূবৰ ৰাজনীতিত জোকাৰণি! কিয় হঠাতে দলৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কিকনে?

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

অসমৰ আইন শৃংখলা আৰু ঐক্য সংহতিৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বান আনিছে হিমন্ত বিশ্ব চৰকাৰে- চিপিআই(এম)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd