• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষ্ণাই বালিজানা শিশু উন্নয়ন প্ৰকল্পত ইচিচিই প্ৰশিক্ষণৰ নামত ব্যাপক অনিয়ম : তদন্তৰ দাবী

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 19, 2018 7:37 pm
Integrated Child Development Service Scheme.
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই-বালিজানা যুগ্ম সংহত শিশু উন্নয়ণ প্ৰকল্পত “প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা (ইচিচিই)” বিষয়ক প্ৰশিক্ষণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি প্ৰশিক্ষণৰ দায়িত্বত থকা বিষয়াবৰ্গই  প্ৰশিক্ষণৰ নামত বিভাগে আগবঢ়োৱা ধনৰ সামান্য অংশ খৰচ কৰি বাকী সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।৷

উল্লেখ্য যে, সমাজ কল্যাণ বিভাগে ৰাজ্যখনৰ শিশুসকলৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যেৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইয়াৰ ভিতৰত প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা বিষয়টোও অন্যতম৷

Apply Now

এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দশ্যৰে প্ৰতিটো উন্নয়ন প্ৰকল্পৰ অধীনস্থ অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলক লৈ ৬দিনীয়া এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়৷ এই কাৰ্যসূচী ৰূপায়ণৰ বাবে সমাজ কল্যাণ বিভাগে গোৱালপাৰা জিলাৰ মুঠ ৭ টা প্ৰকল্পৰ বাবে ৪৩,১৩,৮০০ লাখ টকা মোকলাই দিছে৷ কৃষ্ণাই-বালিজানা যুগ্ম সংহত শিশু উন্নয়ন প্ৰকল্পই লাভ কৰে ৮,১৭,৮০০ টকা৷ জানিব পৰা মতে, কৃষ্ণাই-বালিজানা প্ৰকল্পই যোৱা ২ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ ইচিচিই প্ৰশিক্ষণৰ আয়োজন কৰে৷

এই প্ৰশিক্ষণত মুঠ ৪৬১ গৰাকী কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে, কৃষ্ণাই-বালিজানা প্ৰকল্পৰ অধীনত মুঠ কেন্দ্ৰৰ সংখ্যা ৪৭৯ যদিও ইয়াৰে ১৮ কেন্দ্ৰত বৰ্তমানে কৰ্মী নাই৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰশিক্ষণত মুঠ ৪৬১ কৰ্মীয়ে যোগদান কৰে৷

প্ৰশিক্ষণৰ সুবিধাৰ বাবে কৰ্মীসকলক মুঠ ১১ দলত ভাগ কৰি লোৱা হয়৷ এই খিনিলৈ সকলো ঠিকেই আছিল৷ বিশৃংখলতাই দেখা দিয়ে প্ৰশিক্ষণ চলা সময়ত। কাৰণ বিভাগীয় নিয়ম মতে এই প্ৰশিক্ষণ আছিল ৬দিনীয়া কিন্তু কৃষ্ণাই-বালিজানা প্ৰকল্পৰ প্ৰশিক্ষণৰ দায়িত্বত থকা বিষয়াবৰ্গই অতিৰিক্ত লাভ কৰাৰ স্বাৰ্থত মাত্ৰ দুটা দলক ছয় দিনকৈ প্ৰশিক্ষণ আগবঢ়োৱাৰ বিপৰীতে বাকী ৯টা দলক মাত্ৰ পাঁচ দিনকৈহে প্ৰশিক্ষণ প্ৰদান কৰে৷

আনহাতে প্ৰশিক্ষণ কালত যোগান ধৰা খাদ্যৰ ক্ষেত্ৰতো নানান অভিযোগ উত্থাপিত হৈছে৷ বিভাগীয় নিৰ্দেশনা অনুসৰি, ৰাতিপুৱাৰ জলপানত দিব লাগে সিদ্ধ কণী আৰু ব্ৰেড৷ কিন্তু তাৰ সলনি কৃষ্ণাই-বালিজানা প্ৰকল্পত যোগান ধৰা হয় পেটিছ আৰু চাহ৷ সেইদৰে আবেলিৰ চাহৰ লগত পেটিছ দিব লাগে যদিও দিয়া হৈছে বিস্কুট ৷ দুপৰীয়াৰ ভাত সাজো বিভাগীয় নিয়ম মতে আগবঢ়োৱা হোৱা নাই ৷

পাঁচ দিনৰ এদিন নাম মাত্ৰ ব্ৰয়লাৰ মাংস,এদিন সামান্য মাছ আৰু এদিন এটাকৈ কণী দিয়াৰ বিপৰীতে বাকী দুদিন নিৰামিষ আহাৰ আগবঢ়ায়ে দায়িত্ব সামৰে কৰ্তৃপক্ষই ৷ লজ্জাজনক বিষয়টো হ’ল কিছু কৰ্মীৰ লগত সন্তান চোৱা চিতাৰ বাবে অহা যুৱতী মহিলা সকলক একাপ চাহ আগবঢ়োৱাৰ মানৱীয় দৃষ্টিকোন প্ৰকাশ কৰাৰ পৰাও বিৰত থাকে বিষয়াসকল ৷

সেই সকল কৰ্মীয়ে নিজৰ ধনেৰে খাদ্য কিনি খুৱাবলগীয়া হয় সহায়কাৰী মহিলা যুৱতী সকলক ৷ আনহাতে কৰ্মী সকলক প্ৰশিক্ষণৰ নামত ভ্ৰমণ বানচ দিব লাগে যদিও আজিলৈকে কোনো কৰ্মীকে সেই বানচৰ ধন প্ৰদান কৰা নাই বুলি একাংশ কৰ্মীয়ে অভিযোগ তুলিছে ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd