NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত; টকা নিদিলে গা নলৰে মণ্ডলৰ

September 14, 2021 11:36 am · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

ধোঁৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। কিছুদিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অতিৰিক্ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ সন্মিলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মণ্ডল অফিচত দালালী নচলিব বুলি হুংকাৰ প্ৰদান কৰাৰ পিছতো গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পোহৰলৈ আহিছে দালাল চক্ৰৰে জড়িত এক ঘটনা।

অভিযোগ অনুসৰি  টকা নিদিলে বছৰ বছৰ ধৰি এটুকুৰা মাটিৰ নামজাৰী কামৰ বাবে ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়লৈ অহা -যোৱা কৰিব লাগিব আপুনি-মই বা সকলোৱে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো ভেঙুচালি কৰিছে গোলাঘাট ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ  মণ্ডলে।পৰিতাপৰ কথা যে  গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ  মণ্ডলৰ পৰা সাৰি যোৱা নাই  বিশেষ ভাৱে সক্ষম লোকো।

অভিযোগকাৰীৰ পৰা জানিব পৰা মতে ককাকৰ নামত থকা মাটি পিতৃৰ নামলৈ আনিবৰ বাবে ৪০০০আৰু ৩০০০টকা লাগে মণ্ডলক। অৰ্থাৎ টকা নিদিয়াৰ বাবেই বিশেষভাৱে সক্ষম এই ব্যক্তি জনক লটি-ঘটি  কৰিছে চক্ৰ বিষয়াৰ কাৰ্য্যালয়ে।

এই সকল মণ্ডলৰ বাবে বিশেষভাৱে সক্ষম লোকৰ বাবেও নাই কোনো দয়া-মমতা। বিশেষভাৱে সক্ষম লোককো এনেদৰেই শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে  একাংশ মণ্ডলৰ বিৰুদ্ধে।

ইফালে আন এক অভিযোগ মতে  গোলাঘাট ৰাজহ চক্ৰ বিষয়া গৰাকী কাৰ্য্যালয়ত বহি থাকে যদিও দুয়োখন দুৱাৰ বন্ধ হৈ থকাৰ বাবে সাধাৰণ লোকে লগ কৰিব নোৱাৰে বিষয়া গৰাকীক।

মণ্ডলেই মাটি জোখ মাখৰ পৰা ধন লোৱা আৰম্ভ কৰি মাটি পঞ্জীয়ন হোৱালৈকে টকাৰ লেনদেন কৰে। এনেদৰেই  বছৰ বছৰ ধৰি এটুকুৰা মাটিৰ কামৰ বাবে ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়লৈ আহিও কাম কৰিব নোৱাৰে।

চক্ৰ বিষয়া কাৰ্য্যালয়ৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে যদিও বাস্তৱত কিন্তু  ৰূপায়ণ হোৱা নাই এই নিৰ্দেশ।

তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী কোনো মাটি সংক্ৰান্তীয় কাম-কাজ এসপ্তাহৰ ভিতৰত হ’ব লাগিব বুলি দিয়া নিৰ্দশকো অমান্য কৰা এইসকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

Related News