NORTHEAST NOW (Assamese)

পুনৰ পুষ্পা: ঘোষণা হ’ল পুষ্পা ২ৰ মুক্তিৰ দিন; চাওক কেতিয়া পাব মুক্তি

September 11, 2023 6:46 pm · এন ই নাও নিউজ, গুৱাহাটী

অন্ত পৰিল চিনেপ্ৰেমীৰ উৎসুকতা। ঘোষণা হ’ল বহু প্ৰতীক্ষিত ‘পুষ্পা: দ্য ৰোল’ৰ মুক্তিৰ দিন। ইতিপূৰ্বে মুক্তি পোৱা চিনেমাখনৰ ট্ৰেইলাৰ দৰ্শনৰ পিছতে পুষ্পাৰ ‘ন-লুক’ক লৈ ৰোমাঞ্চিত হৈ আছে চিনেপ্ৰেমীসকল।

চিনেপ্ৰেমীৰ এই উৎকণ্ঠাৰ অৱসান ঘটাই আজি ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰে। অহা বৰ্ষৰ ১৫ আগষ্টত অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাই ছবিগৃহলৈ আহিব ‘পুষ্পা: দ্য ৰাইজ’ৰ ছিকুৱেল ‘পুষ্পা: দ্য ৰুল’।

 

উল্লেখ্য যে, ২০২১ ৰ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’- এ দেশৰ লগতে বিদেশতো লাভ কৰিছিল ব্যাপক সফলতা। অভিনৱ লুকেৰে দৰ্শকৰ মনত বাৰুকৈয়ে সাঁচ বহুৱাইছিল অভিনেতাগৰাকীয়ে।

কেৱল আল্লু অৰ্জুন বুলিয়েইনহয়, ছবিখনৰ প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়েই কৰিছিল দুৰন্ত অভিনয়। ছবিখনৰ মূল চৰিত্ৰ পুষ্পাত কৰা অভিনয়ৰ সুবাদতে আল্লু অৰ্জুনে শেহতীয়াকৈ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।

‘পুষ্পা ২-দ্য ৰোল’ বিশ্বজুৰি কেইবাটাও ভাষাত ছবিগৃহত মুক্তি পাব। সুকুমাৰৰ পৰিচালনাৰ এই ছবিখনত আইকন ষ্টাৰ আল্লু অৰ্জুন, ৰশ্মিকা মান্ধান্না আৰু ফাহাদ ফাজিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

Related News