Independence Day: ভাৰতবৰ্ষই নহয়, পৃথিৱীৰ এই দেশবোৰো স্বাধীন হৈছিল ১৫ আগষ্টত; জানেনে এই ইতিহাস?

প্রতিনিধিত্বমূলক ফটো।

Independence Day বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৱৰ্ষত ১৫ আগষ্টত ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ’ব। ১৯৪৭ চনৰ এই দিনটোতে ভাৰত স্বাধীন হৈছিল। ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল ভাৰত। প্ৰতিবছৰৰ দৰে এইবাৰো দিল্লীৰ ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱস পালন কৰা হ’ব।

ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে চৰকাৰে ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ কাৰ্যসূচী গ্ৰহণ কৰিছে। ‘হৰ ঘৰ তিৰঙ্গা’ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে প্ৰায় ২০ কোটি ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা হৈছে।

যিদৰে ১৫ আগষ্ট ভাৰতৰ বাবে এক বিশেষ দিন ঠিক তেনেদৰে ই বিশ্বৰ পাঁচখন দেশৰ বাবেও এক বিশেষ দিন। কিয় জানো আহকঃ –

বাহৰেইন, উত্তৰ আৰু দক্ষিণ কোৰিয়া, কঙ্গো গণপ্ৰজাতন্ত্ৰী আৰু লিচটেনষ্টাইন। ১৫ আগষ্ট এই পাঁচখন দেশৰো স্বাধীনতা দিৱস।

 

বাহৰেইনঃ দিলমুন সভ্যতাৰ প্ৰাচীন ভূমি মধ্যপ্ৰাচ্যৰ দেশ এইখন। তেওঁলোকে ১৫ আগষ্টত ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল। ১৯৭১ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত ব্ৰিটিছ উপনিবেশৰ পতন ঘটে। এই বছৰটো তেওঁলোকৰ স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষ।

অৱশ্যে বাহৰেইনত ১৬ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। প্ৰাক্তন চুলতান ইছা বিন চলমান আল খলিফা সেই দিনটোত সিংহাসনত বহিছিল। ইতিহাস অনুসৰি, এই দ্বীপপুঞ্জ বহু শাসকৰ শাসনত আছিল। আৰৱৰ পৰা পৰ্তুগীজলৈকে আৰু তাৰ পিছত উনবিংশ শতিকাত ব্ৰিটিছলৈকে বাহৰেইন পৰাধীন আছিল।

পিপলছ ৰিপাব্লিক অৱ কঙ্গোঃ ভাৰতৰ উপৰিও এই মধ্য আফ্ৰিকাৰ দেশখন ১৫ আগষ্টত স্বাধীন হয়। ১৯৬০ চনত ফৰাচী উপনিবেশৰ পতন ঘটে। ফৰাচী শাসন ১৮৮০ চনত আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বৰ নাম আছিল ফৰাচী কঙ্গো। ১৯০৩ চনত ইয়াক মধ্য কঙ্গো নাম দিয়া হয়। ১৯৬৩ চনলৈকে ফুলবাৰ্ট য়ুলুৱে দেশখনত ৰাষ্ট্ৰপতি হিচাপে শাসন কৰিছিল।

উত্তৰ আৰু দক্ষিণ কোৰিয়াঃ উত্তৰ আৰু দক্ষিণ কোৰিয়াই প্ৰতি বছৰে ১৫ আগষ্ট জাপান বিজয় দিৱস বা ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। সেই দিনটো দুয়োখন দেশতে ৰাজহুৱা বন্ধৰ দিন কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট বাহিনীয়ে উত্তৰ আৰু দক্ষিণ কোৰিয়াত এক দশকতকৈও অধিক জাপানী দখলৰ সমাপ্তি ঘটাইছিল।

১৯৪৫ চনৰ ১৫ আগষ্টত জাপানে দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ ওচৰত আত্মসমৰ্পণ কৰে, যাৰ ফলত কোৰিয়াত জাপানী উপনিবেশ ধ্বংস হয়। তিনি বছৰৰ পিছত ছোভিয়েট সমৰ্থিত উত্তৰ কোৰিয়া আৰু আমেৰিকা সমৰ্থিত দক্ষিণ কোৰিয়াৰ জন্ম হয়।

 

লিচটেনষ্টাইনঃ ১৮৬৬ চনত বিশ্বৰ অন্যতম সৰু দেশখন জাৰ্মানসকলৰ পৰা স্বাধীনতা লাভ কৰে। ১৯৪০ চনৰ পৰা তেওঁলোকে ১৫ আগষ্টক ৰাষ্ট্ৰীয় দিৱস হিচাপে উদযাপন কৰিছে। সেই বছৰৰ ৫ আগষ্টত লিচটেনষ্টাইন চৰকাৰে আনুষ্ঠানিকভাৱে ১৫ আগষ্টক ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰে। অৱশ্যে বহুতৰ বাবে এইটো অজ্ঞাত যে ১৬ আগষ্ট হৈছে দেশৰ ৰাজকুমাৰ ফ্ৰাঞ্জ-যোচেফ দ্বিতীয়ৰ জন্মদিন। তেওঁ ১৯৩৮ চনৰ পৰা ১৯৮৯ চনত মৃত্যুলৈকে লিচটেনষ্টাইনৰ ৰাজকুমাৰ আছিল।