NORTHEAST NOW (Assamese)

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথটো সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দ্দিষ্টকালীন কৰ্মবিৰতি

November 26, 2018 4:52 pm · কাজী জেইদুল ইছলাম

নাৰ্ছসকলৰ দৰমহা গাঁথনিত থকা বিসংগতি দূৰ কৰা, ষ্টাফ নাৰ্ছক সমহাৰত দৰমহা প্ৰদান কৰা, ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰা আদি দাবীত সদৌ অসম নাৰ্ছ সন্থাই আজিৰ পৰা পালন কৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি বিশ্বনাথতো ৰূপায়ণ কৰা হয়।

উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা প্ৰায় ১২ হেজাৰ নাৰ্ছে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা বিভাগীয় আমোলাৰ কোনো কানসাৰ নাই।

বিশেষকৈ সপ্তম দৰমহা আয়োগে প্ৰকাশ কৰা আৰ অ’ পিত দৰমহা গাঁথনিত থকা বিসংগতি সমূহ অনতিপলমে সংশোধন কৰা, ষ্টাফ নাৰ্চৰ একে পদত একে দৰমহা প্ৰদান কৰা, ষ্টাফ নাৰ্চৰ পদবী ঘুৰাই দিয়া, ষ্টাফ নাৰ্চৰ চাকৰি বিধি প্ৰকাশ কৰা ইত্যাদি দাবীত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে বিশ্বনাথটো নাৰ্ছসকলে কৰ্মবিৰতি পালন কৰে।

বিশ্বনাথ চাৰিআলিস্থিত মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদত পুৱা ৮ বজাৰ আবেলি ৪ বজালৈকে বিশ্বনাথৰ কেইবাখনো মডেল হস্পিতাল তথা অনান্য চিকিৎসালয়ত কৰ্মৰত স্থায়ী ষ্টাফ নাৰ্ছসকলে কৰ্মবিৰতি কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Related News