• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Mohammed Zubair gets bail: সকলো গোচৰতে জামিন লাভ মহম্মদ জুবেইৰৰ; কাৰাগাৰৰ পৰা মুক্তিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 5:18 pm
মহম্মদ জুবেইৰ।

মহম্মদ জুবেইৰ।

150
VIEWS
Share on FacebookShare on Twitter

Mohammed Zubair gets bail in all cases উচ্চতম ন্যায়ালয়ত মহম্মদ জুবেইৰে সকাহ লাভ কৰিলে। আদালতে অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপকক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈকো নিৰ্দেশ দিছে।

উল্লেখ্য যে যোৱা ২৭ জুনত অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মহম্মদ জুবেইৰে প্ৰায় চাৰি বছৰ আগতে কৰা এটা টুইটত হিন্দী চিনেমাৰ এটা স্ক্ৰীণশ্বট পোষ্ট কৰিছিল। ইয়াৰ বাবে তেওঁৰ ওপৰত ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: UP Minister Dinesh Khatik resigns: ‘দলিত বুলি দিয়া নহয় সন্মান’ অমিত শ্বাহলৈ পত্ৰ লিখি পদত্যাগ যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ খটিকৰ

জুবেইৰক পিছত দুটা গোচৰত জামিন দিয়া হৈছিল যদিও উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আৰু ছয়খন এজাহাৰ দাখিল কৰিছিল। যাৰ বাবে মহম্মদ জুবেইৰ কাৰাগাৰৰ পৰা মুকলি হ’ব পৰা নাছিল।

অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপগৰাকীয়ে সেই এজাহাৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ শীৰ্ষ আদালতৰ কাষ চাপিছিল। তাৰপিছতেই এক সাময়িক সকাহ লাভ কৰিলে।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পৰৱৰ্তী শুনানিলৈকে মহম্মদ জুবেইৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব নোৱাৰিব।

জুবেইৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে অল্ট নিউজৰ আন এজন প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই টুইট কৰি কৈছিল, “আজি দিল্লী আৰক্ষীয়ে বিভিন্ন বিষয়ত সোধা-পোছাৰ বাবে জুবেইৰক মাতি পঠিয়াইছিল। কিন্তু তেওঁক এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। বহু অনুৰোধৰ পাছতো এজাহাৰৰ কোনো প্ৰতিলিপি দিয়া হোৱা নাই।”

লগতে পঢ়ক: ঐশ্বৰ্য ৰায়-শচীনৰ পিতৃৰ নাম কালিম উল্লাহ খান! দেশৰ ‘মেংগো মেন’-এ লগাইছে চমক

অল্ট নিউজ প্ৰকৃততে এক তথ্য পৰীক্ষা কৰা পৰ্টেল। প্ৰতীক সিনহা আৰু মহম্মদ জুবেইৰৰ অল্ট নিউজে ভাইৰেল একাধিক বাতৰি ভুল প্ৰমাণ কৰিছে। এনে কৰাৰ বাবে, অল্ট নিউজক সামাজিক মাধ্যমত ট্ৰ’ল আৰু আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছিল। লগতে কেইবাটাও গোচৰৰ সন্মুখীন হ’ব লগাও হৈছে।

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd