• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঐশ্বৰ্য ৰায়-শচীনৰ পিতৃৰ নাম কালিম উল্লাহ খান! দেশৰ ‘মেংগো মেন’-এ লগাইছে চমক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 4:44 pm
Mango Man
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদি কোৱা হয়, ক্ৰিকেটৰ ভগৱান খ্যাত কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী তথা বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ৰ পিতৃ একেগৰাকীয়েই, তেওঁৰ নাম কালিম উল্লাহ খান- বিশ্বাস হ’ব নে আপোনালোকৰ ? নিশ্চয় ই অবিশ্বাস্য বুলিয়েই উৰুৱাই দিব।

পিছে আচৰিত হ’লেও ই এক সত্য কথা। শচীন-ঐশ্বৰ্য সহিতে আৰু তিনিশ সন্তানৰ পিতৃ এই কলিম উল্লাহ খান। নিতৌ এই তিনিশ সন্তানৰ লালন-পালন কৰি আহিছে কলিম উল্লাহ খান নামৰ এই ৮২ বছৰীয়া বৃদ্ধ গৰাকীয়ে।

Apply Now

অৱশ্যে শচীন বা ঐশ্বৰ্যসহ এই তিনিশ সন্তান কালিম উল্লাহ খানৰ ঔৰষত জন্ম হোৱা মানৱ সন্তান নহয়, এই সকলো সন্তানৰে মানস পিতৃহে অশীতিপৰ বৃদ্ধগৰাকী। প্ৰকৃততে ভাৰতৰ মেংগো মেন খ্যাত কলিম উল্লাহ খান নামৰ এই বৃদ্ধ গৰাকীৰ বাগিচাত আছে শচীন, ঐশ্বৰ্য সহিতে তিনিশ প্ৰজাতিৰ বিশেষ আম।

কালিম উল্লাহ খানে বছৰ বছৰ ধৰি এই আমগছ সমূহৰ লালন-পালন কৰি আহিছে। ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ পিছতে প্ৰায় এক মাইল দূৰত্ব খোজ কাঢ়ি এই মানস পুত্ৰ সদৃশ বাগিচা অভিমুখে যাত্ৰা কৰে মেংগো মেন খানে।

তেওঁৰ নিজ ভাষ্য অনুসৰি, বাগিচাখনৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁৰ পদচালনা দ্ৰুত হৈ পৰে, দুচকুত জ্বলি উঠে অপাৰ আশা। মালিহাবাদত থকা তেওঁৰ এই বাগিচাখনক কেইবা দশক ধৰি প্ৰখৰ ৰ’দত কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰতিদান স্বৰূপে পোৱা পুৰস্কাৰ বুলি অভিহিত কৰে খানে।

কৈশোৰতে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা এৰি দিয়াৰ পিছত গ্ৰাফ্টিঙৰ প্ৰথম পৰীক্ষণত নামি পৰিছিল মেংগো মেন কালিম উল্লাহ খান। প্ৰথমে তেওঁ সাতটা নতুন প্ৰজাতিৰ ফল উৎপাদন কৰিবলৈ এজোপা গছত গ্ৰাফ্টিং কৰি লালন-পালন কৰিছিল যদিও ধুমুহাৰ ফলত ভাঙি পৰিছিল খান।

কিন্তু ইয়াৰ পিছতো উদ্যম হেৰুওৱা নাছিল খানে আৰু ইয়াৰ পৰিণতিতে ১৯৮৭ চনত তেওঁৰ এই গৌৰৱ আৰু আনন্দৰ উৎস বাগিচাখন গঢ় লৈ উঠে। কালিম উল্লাহ খানে উল্লেখ কৰা মতে বাগিচাখনত ১২০ বছৰ পুৰণি প্ৰজাতিৰ লগতে ৩০০ তকৈও অধিক বিভিন্ন প্ৰকাৰৰ আমৰ উৎস আছে। প্ৰত্যেকৰে আছে নিজস্ব সোৱাদ, গাঁথনি, ৰং আৰু আকাৰ।

আনহাতে বলীউড তাৰকা তথা ১৯৯৪ চনৰ মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী ঐশ্বৰ্য ৰায়ৰ নামেৰে তেওঁ ‘ঐশ্বৰ্য’ নামেৰে এবিধ নতুন প্ৰজাতিৰ আমৰ জন্ম দিয়ে। খানৰ মতে বৰ্তমানলৈকে তেওঁৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিৰ ভিতৰত ঐশ্বৰ্য অন্যতম।

“এই আমটো অভিনেত্ৰীগৰাকীৰ দৰেই ধুনীয়া। এটা আমৰ ওজন এক কিলোগ্ৰামতকৈও অধিক হয়। ইয়াৰ বাহিৰৰ ছালখন ৰঙা ৰঙৰ হয় আৰু ইয়াৰ সোৱাদ অতি মিঠা।”- খানে কয়।

সেইদৰে ক্ৰিকেটৰ ভগৱান শচীনৰপ্ৰতি সন্মান জনাই তেওঁ জন্ম দিয়ে শচীন নামত আমৰ প্ৰজাতিটোৰ। খানৰ মতে, মানুহ আহিব আৰু যাব, কিন্তু আমবোৰ চিৰকাল থাকিব। বহু বছৰৰ পিছত যেতিয়াই এই শচীন নামৰ আমবিধ খাব, মানুহে ক্ৰিকেটৰ নায়ক গৰাকীক মনত পেলাব।

তদুপৰি কালিম উল্লাহ খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ছোনিয়া গান্ধী, অমিত শ্বাহ, অখিলেশ যাদৱৰ লগতে আন কেইবাগৰাকীও লোকৰ সন্মানাৰ্থে বেলেগ বেলেগ প্ৰজাতিৰ আম গঢ় দিছে। খানৰ মতে “মানুহৰ দুটা আঙুলিৰ ছাপ একে নহয়। সেইদৰে কোনো দুটা আমৰ প্ৰকাৰো একে নহয়। প্ৰকৃতিয়ে মানুহৰ দৰে একে বৈশিষ্ট্যৰে আম উপহাৰ দিছে।”

গ্ৰাফ্টিং কৰাৰ বাবে তেওঁ এক জটিল পদ্ধতি ব্যৱহাৰ কৰে। এই পদ্ধতিৰে তেওঁ এটা প্ৰজাতিৰ পৰা ডাল এটা কাটি আন এটা প্ৰজাতিৰ গছত সংযোগ কৰি টেপেৰে বান্ধি ৰাখে। এই নতুন গাঁঠনিটো মজবুত হোৱাৰ পিছত ওপৰৰ টেপটো আঁতৰাই দিয়া হয়। “ইয়া পিছত এই নতুন প্ৰজাতিটো পৰৱৰ্তী ঋতুৰ ভিতৰত সাজু হোৱাৰ লগতে দুবছৰৰ পিছত এক নতুন প্ৰজাতি বহন কৰিব বুলি মই আশা কৰোঁ।”— তেওঁ লগতে কয়।

কালিম উল্লাহ খানে এক চমকপ্ৰদ দক্ষতাৰ বাবে যথেষ্ট সন্মান লাভ কৰিছে। ২০০৮ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ ভিতৰত অন্যতম পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। লগতে তেওঁ এই বিশেষ গুণৰ বাবে ইৰাণ আৰু সংযুক্ত আৰৱ আমিৰাতলৈও আমন্ত্ৰণ লাভ কৰিছিল।

কালিম উল্লাহ খানৰ মতে তেওঁ মৰুভূমিতো আম গছ গজাই তুলিব পাৰে। আমৰ বাগিচা খনৰ প্ৰতি থকা তেওঁৰ অভূতপূৰ্ব প্ৰেমৰ বাবে শেহতীয়াকৈ তেওঁ বাগিচাৰ ওচৰতে থকা খেতিপথাৰৰ লগতে এটা নতুন ঘৰ নিৰ্মাণ কৰি তাত বসবাস কৰিবলৈ লৈছে। শেষ উশাহলৈকে তেওঁ এই বাগিচাখনৰ বাবে কাম কৰি যাব বুলি ইতিমধ্যেই উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd