Mohammed Zubair summoned again শাসক পক্ষৰ চক্ৰান্তৰ বলি হৈছে মহম্মদ জুবেইৰ? বিভিন্ন গোচৰত বাৰে বাৰে গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা জনপ্ৰিয় তথ্য পৰীক্ষণ ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক তথা সাংবাদিক মহম্মদ জুবেইৰ সন্দৰ্ভত এইটো হৈছে সবাতোকৈ চৰ্চিত প্ৰশ্ন।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশৰ সীতাপুৰত ৰুজু হোৱা এটা গোচৰত জামিন লাভ কৰাৰ পাছতে শনিবাৰে পুনৰ তথ্য পৰীক্ষক গৰাকীলৈ জাৰি কৰা হৈছে আৰক্ষীৰ আন এক চমন। বিগত বৰ্ষৰ ছেপ্টেম্বৰত জুবেইৰৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ আৰক্ষীয়ে তেওঁলৈ চমন জাৰি কৰিছে।
লগতে পঢ়ক: Sri Lanka Crisis: শ্ৰীলংকাৰ গণ বিক্ষোভ; ৰাজপথলৈ ওলাই আহিল ক্ৰিকেটাৰ সনথ জয়সূৰ্য
২০২১ চনৰ ১৪ মে’ত জুবেইৰে কৰা এটা টুইটৰ বাবে সুদৰ্শন নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীয়ে এই অভিযোগ দাখিল কৰিছিল। আশীষ কাটিয়াৰ নামৰ অভিযোগকাৰী গৰাকীয়ে অভিযোগ কৰিছিল যে জুবেইৰে তেওঁৰ টুইটৰ জৰিয়তে মানুহক বিপথে পৰিচালিত কৰিছিল। টুইটটোত জুবেইৰে সুদৰ্শন চেনেলৰ ইজৰাইল-পেলেষ্টাইন বিবাদৰ কভাৰেজৰ ভুৱা প্ৰচাৰ ফাদিল কৰিছিল।
দিল্লী ভিত্তিক সুদৰ্শন নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ কভাৰেজৰ অংশ হিচাপে মুছলমানসকলৰ পবিত্ৰ চহৰ মদিনাৰ মছজিদৰ গ্ৰীণ ডোম আন-নাবাৱীত বোমা বিস্ফোৰণৰ এক গ্ৰাফিকেল ছবি প্ৰচাৰ কৰিছিল।
মহম্মদ জুবেইৰে এই মিথ্যাচাৰিতা ফাদিল কৰি এটা টুইটযোগে লিখিছিল যে সোঁপন্থী প্ৰচাৰ মাধ্যম সুদৰ্শন নিউজ টিভিয়ে মদিনাৰ আল মছজিদ এন নাবাৱিৰ এখন ছবি ব্যৱহাৰ কৰি গাজাৰ এখন পুৰণি ছবিৰে সংযোগ কৰি গ্ৰাফিক্সৰ জৰিয়তে মছজিদত বোমা বিস্ফোৰণ কৰা দেখুৱাইছে।
এইয়া প্ৰকৃততেই সাংবাদিকতাই নে হিংসা বিয়পোৱাৰ চেষ্টা বুলি প্ৰশ্ন কৰি জুবেইৰে উত্তৰ প্ৰদেশ আৰক্ষীক এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।
ইয়াৰ পিছতেই আশীষ কাটিয়াৰে জুবেইৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। পিছে এইদৰে ইটোৰ পিছত সিটো গোচৰত সাঙুৰি জুবেইৰক বৰ্তমান কাৰাবন্দী কৰি ৰখাৰ সময়ত এবছৰ পুৰণি গোচৰটোৰ সন্দৰ্ভত জুবেইৰলৈ পুনৰ চমন জাৰি কৰা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখ্য যে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সীতাপুৰ গোচৰত জুবেইৰক পাঁচ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। সীতাপুৰ জিলাৰ তিনিগৰাকী হিন্দুত্ববাদী নেতাৰ বক্তব্যক তথ্য পৰীক্ষণৰ জৰিয়তে ভুল প্ৰমাণিত কৰি এক টুইট যোগে এই নেতাকেইজনক ঘৃণা সৃষ্টিকাৰী বুলি অভিহিত কৰিছিল জুবেইৰে। ইয়াৰ পিছতেই হিন্দুত্ববাদী নেতা কেইজনে জুবেইৰৰ বিৰুদ্ধে সীতাপুৰত গোচৰ ৰুজু কৰিছিল।
উক্ত গোচৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে জুবেইৰৰ জামিন নাকচ কৰাৰ পিছত জুবেইৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু জুবেইৰৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই শীৰ্ষ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল।
কিন্তু সীতাপুৰ গোচৰৰ বাবে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলেও দিল্লীত দাখিল হোৱা আন এটা গোচৰত জামিন লাভ কৰা নাই বাবে কাৰাগাৰতেই থাকিবলগীয়া হৈছে মহম্মদ জুবেইৰ। সীতাপুৰ গোচৰৰ পূৰ্বেই জুবেইৰৰ বিৰুদ্ধে চাৰি বছৰ এটা পুৰণি টুইটৰ আধাৰত ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি দিল্লীত ৰুজু হোৱা গোচৰত যোৱা ২৭ জুনত দিল্লী আৰক্ষীয়ে জুবেইৰক গ্ৰেপ্তাৰ কৰিছিল।
১৯৮৩ চনত প্ৰকাশ পোৱা বলীউডৰ হাস্যমধুৰ চিনেমা ‘কিছি ছে না কেহনা’ৰ এটা দৃশ্যৰ এখন বিশেষ ফটো ২০১৮ চনত টুইটযোগে প্ৰকাশ কৰিছিল জুবেইৰে। এই টুইটটোৰ জৰিয়তে জুবেইৰে হিন্দুৰ ধৰ্মীয় অনুভূতিক অপমান কৰা বুলি গোচৰ ৰুজু কৰা হৈছিল।
উল্লেখ্য যে প্ৰতীক সিন্হাৰ সৈতে ‘অল্ট নিউজ’ নামৰ ফেক্ট চেক্ প’ৰ্টেলটো আৰম্ভ কৰাৰ পাছৰে পৰা জুবেইৰে বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভুৱা খবৰৰ প্ৰচাৰত চেঁচাপানী ঢালি আহিছিল৷ ইয়াৰ বাবে মহম্মদ জুবেইৰ হৈ পৰিছিল বিজেপিৰ লগতে হিন্দুত্ববাদী মহলৰ প্ৰধান শত্ৰু৷ শাসক পক্ষই কোনো এটা নিৰ্দিষ্ট বিষয়ত অজস্ৰ পূৰ্ব নিৰ্ধাৰিত উৎসৰ পৰা সামাজিক মাধ্যমত মিছা বাতৰি ৰহণ সানি সঁচা বুলি প্ৰচাৰ কৰিছিল।
সাধাৰণতে কোনো লোকে এনে খবৰ সমূহৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলেও সেই খবৰৰ সত্যতা নিৰূপণৰ বাবে কোনো উপায় বিচাৰি নাপায়৷ কিন্তু অল্ট নিউজে প্ৰায় প্ৰতিটো তেনে ভুৱা খবৰ তথ্য প্ৰযুক্তিৰ শেহতীয়া কৌশলসমূহ ব্যৱহাৰ কৰি উন্মোচিত কৰি আহিছিল৷ দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে শাসক পক্ষৰ উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰত নামি পৰাৰ সময়তে অল্ট নিউজ এনে সংবাদ মাধ্যমৰ বিকল্প হৈ পৰিছিল ৷
সামাজিক মাধ্যমতো জুবেইৰৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবেই জুবেইৰ শাসক পক্ষৰ বাবে বিপজ্জনক হৈ উঠিছিল! সেয়ে জুবেইৰৰ গ্ৰেপ্তাৰ শাসক পক্ষৰ ষড়যন্ত্ৰৰে অংশ বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে এবছৰ পুৰণি গোচৰত জুবেইৰলৈ পুনৰ চমন জাৰি কৰা বিষয়টোৱে সচেতন মহলক জোকাৰি গৈছে।