NORTHEAST NOW (Assamese)

বানাক্ৰান্তক সহায়ৰ হাত গোৱালপাৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰৰ

July 24, 2019 7:51 am · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ দলগোমা অঞ্চলৰ বানাক্ৰান্ত লোকক সহায়ৰ বাবে আগবাঢ়ি আহিল গোৱালপাৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰসকল। দলগোমাৰ কেইবাখনো বিদ্যালয়ত বিগত ১৫ দিন ধৰি কেইবা শতাধিক বানাক্ৰান্তই আশ্ৰয় লৈ আছে।

লোকসকলে চৰকাৰী সাহায্য লাভ কৰিছে যদিও গৰু-ছাগলীৰ সতে সহবাস কৰি দুখ-যন্ত্ৰণাৰ মাজতে দিন অতিবাহিত কৰিব লগা হৈছে। ইফালে বিগত দুটা দিন ধৰি হৈ থকা বৰষুণৰ বাবে পুনৰ নৈৰ পানী বাঢ়ি আহাত লোকসকল আতংকিত হৈ পৰিছে৷

ইয়াৰ মাজতে মঙলবাৰে ৩টা শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহে সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰৰ এটা দল। তেওঁলোকক বিদ্যালয়খনৰ একাংশ শিক্ষক আৰু বৰ্তমানৰ ছাত্ৰসকলে সহায় আগবঢ়ায়।

প্ৰাক্তন ছাত্ৰৰ দলটোয়ে প্ৰায় ৩ শতাধিক লোকৰ মাজত খাদ্য সামগ্ৰী, শিশু উপযোগী খাদ্য সামগ্ৰীৰ লগতে আন বিভিন্ন সামগ্ৰী বিতৰণ কৰে ৷

Related News