NORTHEAST NOW (Assamese)

পাপসুৰা পৰ্বতলৈ ‘অসম পৰ্বতাৰোহণ আৰু দুঃসাহসী ক্ৰীড়া প্ৰতিষ্ঠান’ৰ অভিযান

August 29, 2018 2:26 pm · এন ই নাও নিউজ
Updated: August 29, 2018 2:29 pm
প্ৰতিনিধিত্বমূলক ফটো

অসম চৰকাৰৰ ‘পৰ্বতাৰোহণ আৰু দুঃসাহসী ক্ৰীড়া প্ৰতিষ্ঠানে’ (Assam Mountaineering and Adventure Institute),  হিমাচল প্ৰদেশৰ পাপসুৰা পৰ্বতলৈ (৬৪৫১ মি: উচ্চতা) এটা পৰ্বত বগোৱা অভিযানৰ আয়োজন কৰিছে। এই বছৰৰ ছেপেটেম্বৰ মাহত এই অভিযান আৰম্ভ কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।

উল্লেখ্য যে এই প্ৰতিষ্ঠানৰ পৰা হিমালয়লৈ কৰা এইটো দ্বিতীয়টো অভিযান।

এই অভিযানটোত ১১ সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে। অভিযানটোৰ নেতৃত্ব দিছে প্ৰথম অসমীয়া এভাৰেষ্ট অভিযানকাৰী তৰুণ শইকীয়াই।  অভিযাত্ৰী দলটোৱে আগষ্টৰ ৩১ তাৰিখে গুৱাহাটীৰ পহৰা ৰাওনা হ’ব।

আজি এই অভিযানটোৰ ফ্লেগ অফ কৰে ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে।

পৰ্বতাৰোহী দলটোৰ সদস্যসকল হৈছে : তৰুণ শইকীয়া, (নেতা), হিম্মত বড়ো, দিবাকৰ দাস, অৰুপজ্যোতি চৌধুৰী, ভাৰ্গৱ বৰা, কৰণ শাণ্ডিল্য, বিক্ৰম বড়ো, উদ্দীপন কাশ্যপ, ধ্ৰুবজ্যোতি বৰা, নবকৃষ্ণ পেগু (মেডিয়া)

Related News