কংগ্ৰেছৰ পৰা পদত্যাগ অমৰিন্দ্ৰৰ সিঙৰ, ঘোষণা কৰিলে নতুন দল

Amarinder Singh

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে মঙলবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে কংগ্ৰেছৰ পৰা পদত্যাগ পিছতে পঞ্জাৱ লোক কংগ্ৰেছ নামেৰে নতুন ৰাজনৈতিক দল গঠন কৰা বুলি ঘোষণা কৰে অমৰিন্দ্ৰৰ সিঙে।

“মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীজীলৈ মোৰ পদত্যাগপত্ৰ প্ৰেৰণ কৰিছো, পদত্যাগ পত্ৰত পদত্যাগৰ সকলো কাৰণ অন্তৰ্ভূক্ত কৰা হৈছে।
‘পঞ্জাৱ লোক কংগ্ৰেছ’ নামেৰে নতুন দল গঠন কৰা হৈছে। পঞ্জীয়নটো @ECISVEEP অনুমোদনৰ বাবে অমীমাংসিত হৈ আছে। দলৰ প্ৰতীক পিছত অনুমোদিত হ’ব।” অমৰিন্দৰ সিঙে টুইটাৰত কয়।

ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰখনত কেইবা দশক ধৰি কংগ্ৰেছৰ সৈতে জড়িত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নৱজ্যোত সিদ্ধুক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে ‘এজন অস্থিৰ ব্যক্তি’ আৰু ‘পাকিস্তানৰ প্ৰতি হৃদয়তা’ থকা সিদ্ধুক পৃষ্ঠপোষকতা কৰিছিল।”

 

তেওঁ লগতে কয় যে শ্ৰীমতী গান্ধীয়ে সাধাৰণ সম্পাদক হৰিশ ৰাৱটৰ দ্বাৰা প্ৰৰোচিত হোৱা সিদ্ধুৰ প্ৰতি অন্ধ দৃষ্টি ৰাখিছিল।

টুইটাৰত আহ্বান কৰা বিধায়িনী দলৰ বৈঠকৰ উদ্ধৃতি দি তেওঁ কয় যে তেওঁ বুজি পাইছে যে এইয়া তেওঁক অপমানিত কৰাৰ উদ্দেশ্য আছিল। বৈঠকৰ পিছদিনা ৰাতিপুৱা ছোনীয়া গান্ধীয়ে অমৰিন্দ্ৰৰ সিঙক ফোন কৰি শীৰ্ষ পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনাইছিল বুলিও পত্ৰত উল্লেখ কৰিছে সিঙে।

অত্যন্ত ক্ষোভেৰে অমৰিন্দ্ৰৰ সিঙে পত্ৰখনত উল্লেখ কৰিছে, “ৰাজহুৱা জীৱনত মোৰ ৫২ বছৰৰ ভাল সময়ৰ বিষয়ে জ্ঞাত হোৱা স্বত্বেও গভীৰ ব্যক্তিগত পৰ্যায়ত আপুনি মোক কেতিয়াও বুজি পোৱা নাছিল। আপুনি ভাবিছিলে যে মই বহু বছৰধৰি আগবাঢ়ি আহিছোঁ আৰু সেয়ে এতিয়া আঁতৰাই পঠোৱা প্ৰয়োজন।”

ৰাজীৱ গান্ধীক স্মৰণ কৰি তেওঁ পত্ৰখনত কয় যে, “আপোনাৰ আৰু আপোনাৰ সন্তানৰ আচৰণৰ দ্বাৰা গভীৰভাৱে আঘাত প্ৰাপ্ত অনুভৱ কৰিছো। মই আশা কৰোঁ যে আন কোনো জ্যেষ্ঠ কংগ্ৰেছী ব্যক্তিয়ে মোক দিয়া গ্লানিৰ সন্মুখীন নহয়।”

উল্লেখ্য যে পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজোৎ সিং সিদ্ধুৰ সৈতে দীৰ্ঘদিনীয়া বিবাদ আৰু দলীয় নেতৃত্বৰ দ্বাৰা অপমানিত হোৱা বুলি অভিযোগ কৰি পঞ্জাৱ কংগ্ৰেছৰ জেষ্ঠ নেতাজনে যোৱা মাহত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।