শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Amarinder Singh

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে শীঘ্ৰেই বিজেপিত যোগ দিব। বিগত বৰ্ষত মুখ্যমন্ত্ৰী আসনৰ পৰা অপসাৰিত হোৱাৰ পিছত কংগ্ৰেছ ত্যাগ কৰা বয়োজেষ্ঠ নেতাগৰাকীয়ে শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই জানিবলৈ দিছে।

৮০ বছৰীয়া ৰাজনীতিবিদ গৰাকী পিঠিৰ অস্ত্ৰোপচাৰৰ বাবে বৰ্তমান লণ্ডনত আছে। অহা সপ্তাহত স্বদেশলৈ উভতি অহাৰ পিছতে তেওঁ নিজা দল পঞ্জাৱ লোক কংগ্ৰেছ দলক বিজেপিৰ সৈতে একত্ৰিত কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা বছৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰিত হোৱাৰ পিছত দলৰ নেত্ৰী ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত অমৰিন্দৰ সিঙে দলৰ আভ্যন্তৰত অপমানিত হোৱা বুলি অভিযোগ কৰিছিল।

কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে অমৰিন্দৰ সিঙে বিজেপিত যোগদান কৰিব বুলি বাতৰি প্ৰকাশ হৈছিল যদিও এই বাতৰি তেওঁ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে তেওঁ পঞ্জাৱ লোক কংগ্ৰেছ নামৰ এটা নতুন দল গঠন কৰিছিল।

ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পিছত সিঙৰ পঞ্জাৱ লোক কংগ্ৰেছে বিজেপিৰ সৈতে মিত্ৰতা গঢ়ি তোলে আৰু বিজেপি-শিৰোমণি আকালি দৰ সৈতে মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

অৱশ্যে নিৰ্বাচনত কেপ্টেইন অমৰিন্দৰ সিং পাটিয়ালা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল।