অমৰনাথ ডাৱৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, উদ্ধাৰ প্ৰায় ১৫,০০০ ব্যক্তিক

Amarnath cloudburst

শুকুৰবাৰে সংঘটিত অমৰনাথৰ ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ পিছত ঘটনাস্থলীৰ পৰা বৰ্তমানলৈকে প্ৰায় ১৫,০০০ তীৰ্থযাত্ৰীক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। আনহাতে যোৱা নিশা ১৫ জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত আজি পুনৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এইদৰে এই ভয়াৱহ দুৰ্যোগত নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে।

অমৰনাথৰ পবিত্ৰ গুহা মন্দিৰৰ ওচৰতে হোৱা এই ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানপানীৰ সৃষ্টি আৰু এই বানত বহু সংখ্যক লোক উটি গৈছিল। এনেদৰে নিখোজ হোৱা অতি কমেও ৪০ জন লোকৰ সন্ধান এতিয়াও লাভ কৰিব পৰা নাই বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিছে।

এন ডি আৰ এফ- এছ ডি আৰ এফ বাহিনীৰ লগতে আন কেইবাটাও সংস্থাই ঘটনাস্থলীত উদ্ধাৰ অভিযানত অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ পৰা আঘাতপ্ৰাপ্ত ব্যক্তি আৰু মৃতদেহ স্থানান্তৰৰ বাবে বিএছএফৰ এমআই ১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।

 

আকস্মিক ডাৱৰ বিস্ফোৰণৰ পাছত পবিত্ৰ গুহা অঞ্চলৰ ওচৰত আৱদ্ধ হৈ থকা অধিকাংশ তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ আধাৰ শিবিৰ হিচাপে ব্যৱহাৰ কৰা পঞ্চতৰ্নীলৈ স্থানান্তৰ কৰা হৈছে। আনহাতে আজি পুৱা মুঠ ২১ জন আহত তীৰ্থযাত্ৰীক বিমানেৰে বালতাললৈ লৈ যোৱা হৈছিল।

উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত গুহা মন্দিৰৰ কাষতে থকা সামূহিক পাকঘৰ আৰু তম্বুবোৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছিল। ঘটনাৰ পাছতে আৰক্ষী আৰু অন্যান্য অসামৰিক প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানত নামি পৰিছিল।

অৱশ্যে বেয়া বতৰ আৰু দুৰ্গম ভূখণ্ডৰ বাবে নিশা উদ্ধাৰ প্ৰচেষ্টাত যথেষ্ট বাধাৰ সম্মুখীন হৈছিল অভিযানকাৰী দলটো।

ঘটনাৰ পাছতে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ফোনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়েও সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছিল।

আনহাতে সিনহাৰ ফোনকলৰ সঁহাৰি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও কেন্দ্ৰীয় বাহিনী আৰু জম্মু-কাশ্মীৰ প্ৰশাসনক ডাৱৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে দ্ৰুত অভিযান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।

স্বয়ংক্ৰিয় বতৰ কেন্দ্ৰৰ তথ্য অনুসৰি অঞ্চলটোত আবেলি ৪:৩০ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈ ৩১ মিমি বৰষুণ হৈছিল। উল্লেখ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে বেয়া বতৰৰ বাবে অমৰনাথ যাত্ৰা কিছুদিনৰ বাবে স্থগিত ৰখা হৈছিল। ক’ভিদৰ বাবে বিগত ২ বছৰৰ বিৰতিৰ পিছত যোৱা ৩০ জুনৰ পৰা অমৰনাথ যাত্ৰা পুনৰ আৰম্ভ হৈছিল।