NORTHEAST NOW (Assamese)

অসমীয়া মেখেলা-চাদৰক প্ৰশংসা Amazonৰ ||Video

June 14, 2019 10:03 pm · পিয়ুষ ৰঞ্জন
Updated: June 14, 2019 10:05 pm

ভাৰতত ৬ষ্ঠ বৰ্ষপূৰ্তিত অসমীয়া মহিলাৰ আদৰৰ মেখেলা-চাদৰৰ প্ৰশংসাৰে এটা ভিদিঅ’ মুকলি কৰিছে এমাজনে।

ভিদিঅ’টোত বৰণীয়া মেখেলা-চাদৰত নিজৰ সপোন ৰচা অসমীয়া শিপিনীক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে কাম্পেনিটোৱে।

৩১৫ বিলিয়ন এমেৰিকান দলাৰ ব্ৰেন্দ ভেল্যুৰ বিশ্বৰ আটাইতকৈ মূল্যৱান কাম্পেনিটোৰ প্ৰশংসা অসমীয়া শিপিনীৰ বাবে নিশ্চয়কৈ আনন্দৰ বতৰা।

ভিডিঅ’টোত অসমৰ সংস্কৃতি আৰু ইয়াৰ বৈচিত্ৰ্যৰো কাম্পেনিটোৱে প্ৰশংসা কৰিছে।

এমাজনৰ দৰে অনলাইন কাম্পেনিসমূহৰ যোগেদি বৰ্তমান দেশে-বিদেশে অসমৰ মেখেলা-চাদৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতত এমাজনৰ ৪,৫০,০০০ বিক্ৰেতা আছে।

মেখেলা-চাদৰৰ উপৰি গামোচা আৰু অসমীয়া কাঁহ-পিতলৰ সামগ্ৰীও কাম্পেনিটোৱে অনলাইনযোগে বিক্ৰী কৰে।

Related News