• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফণীভূষণৰ ধমক বস্তু আছে দাম বাঢ়িলে নহ’ব; কিমান হ’ব মহানগৰীত আলু-পিয়াজৰ মূল্য ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 15, 2019 7:18 am
Phani Bhusan gives strong action for control the market

প্ৰতনিধিত্বমূলক আলোকচিত্ৰ

1.6k
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলাত আলু-পিয়াজৰ মূল্য নিয়ন্ত্ৰণ কৰিবৰ বাবে কঢ়া নিৰ্দেশনা দিছে খাদ্য আৰু যোগান বিভাগৰ ৰাজ্যিক মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

আজি বিভাগীয় মন্ত্ৰীগৰাকীৰ সৈতে গ্ৰাহক সুৰক্ষা সংস্থা, পাইকাৰী ব্যৱসায়ী সংস্থা আৰু খুচুৰা ব্যৱসায়ী সংস্থাই গুৱাহাটী অতিথি শালাত এখন বৈঠকত মিলিত হয়।

উক্ত বৈঠকত অসাধু ব্যৱসায়ীসকলক নাকী লগাবৰ বাবে তিনিও পক্ষই কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ অন্তত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় ‘‘সমগ্ৰ মহানগৰতে আলু-পিয়াজৰ দাম একেটাই হ’ব লাগিব। পাইকাৰী দৰতকৈ আলুত ৪ টকা আৰু পিয়াজত ৬ টকা বেছিকৈ খুচুৰা ব্যৱসায়ীসকলে গ্ৰাহকৰ পৰা ল’ব পাৰিব’’।

তাৰোপৰি, কামৰূপ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্যতহে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীসকলে আলু-পিয়াজ বিক্ৰী কৰিব পাৰিব বুলি চৌধুৰীয়ে উল্লেখ কৰি কয় ‘গুদামত এতিয়াও মজুত আছে আলু-পিয়াঁজ। লগতে তেওঁ সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে স্কোৱাড টীম গঠন কৰা হৈছে বুলিও উল্লেখ কৰে যিয়ে মহানগৰীৰ অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলাব।

আনহাতে, বৈঠকত অংশগ্ৰহণ কৰি গ্ৰাহক সুৰক্ষা সংস্থাৰ সম্পাদক বুবুল চৌধুৰীয়ে কয় ‘গ্ৰাহক সুৰক্ষা সংস্থাই গ্ৰাহকৰ সকাহৰ বাবে তথা যুক্তি-যুক্ত দামত সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে আৰু যাতে অসাধু ব্যৱসায়ীয়ে গ্ৰাস কৰিব নোৱাৰে এই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়।‘

তদুপৰি, প্ৰত্যেক মাহতে গ্ৰাহক সুৰক্ষা সংস্থা, পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সংস্থাক লগত লৈ যোগান মন্ত্ৰীগৰাকী মাহেকীয়া হিচাপত আলোচনাত মিলিত হ’ব বুলি মন্ত্ৰীয়গৰাকীয়ে বৈঠকত আশ্বাস দিয়ে বুলি তেওঁ জনায়।

ইপিনে, জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া আলু-পিয়াজৰ মূল্যই কামৰূপ মহানগৰ জিলাৰ সকলো বজাৰতে বাহাল থাকিব বুলি লগতে তেওঁ উল্লেখ কৰে।

এই নিৰ্দেশনা উলংঘন কৰিলে ব্যৱসায়ীৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰি তেওঁ কয় ‘ব্যৱসায়ীসকলে নিজৰ দোকানত নামফলকত আলু-পিয়াজৰ সঠিক দাম লিখিব লাগিব, যাতে গ্ৰাহকে ইয়াৰ সঠিক মূল্যৰ বিষয়ে অৱগত হয়।‘

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd