NORTHEAST NOW (Assamese)

ৰাফেল কেলেংকাৰি সন্দর্ভত কৰা মন্তব্যৰ বাবে ৰিপুণ বৰালৈ আম্বানিৰ আইনী জাননী

September 15, 2018 8:48 am · এন ই নাও নিউজ
ৰাফেল কেলেংকাৰি সন্দৰ্ভত সংবাদমেলত মত দাঙি ধৰাৰ মুহূৰ্তত ৰিপুন বৰা। ফাইল ফটো

ৰাফেল কেলেংকাৰিক লৈ কংগ্ৰেছে গোটেই দেশতে বিজেপি চৰকাৰ আৰু নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে জনমত সৃষ্টিৰ উদ্দেশ্যে ব্যাপক প্ৰচাৰ চলাই থকাৰ মাজতে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানিয়ে কংগ্ৰেছী নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছে।

ৰাফেল যুদ্ধ বিমান কেলেংকাৰি সম্পৰ্কত অসত্য, অনুমাননিৰ্ভৰ, মানহানিকৰ মন্তব্য কৰাৰ অভিযোগ তুলি ৰিলায়েন্সৰ অধ্যক্ষ অনিল আম্বানিয়ে এইবাৰ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈ আইনী জাননী প্ৰেৰণ কৰিছে।

জাননীখনত ‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ৰে জড়িত বিষয়টো সম্পৰ্কত এনেধৰণৰ মন্তব্য কৰাৰ পৰা বৰাক বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে।

আম্বানিৰ অধিবক্তাই বৰালৈ প্ৰেৰণ কৰা জাননীখনত ৰিলায়েন্সে ইতিমধ্যে ৰাফেল যুদ্ধ বিমান কেলেংকাৰি সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যেৱালা, অশোক চৱন, সঞ্জয় নিৰূপম, অনুগড় নাৰায়ণ সিং, অ’মেন চেণ্ডী, শক্তি সিং গোহিল, অভিষেক মনু সিংভী, সুনীল কুমাৰ জাখাৰ আৰু প্ৰিয়ংকা চতুৰ্বেদীৰ বিৰুদ্ধে গোচৰ তৰাৰ কথা উল্লেখ আছে বুলি জানিব পৰা গৈছে।

Related News