• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি কেলেংকাৰি : পুনৰ ১৩ জনলৈ চমন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2018 8:08 am
Directorate-of-Health-Services-Assam
772
VIEWS
Share on FacebookShare on Twitter

বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কেইবাখনো জিলাত স্বাস্থ্য বিভাগত সংঘটিত ভুৱা নিযুক্তি সন্দৰ্ভত বিভাগটোৰ প্ৰাক্তন সঞ্চালক ধ্ৰুৱ হোজাই অভিযুক্ত হ’ব।  মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলাই থকা তদন্তত প্ৰাক্তন সঞ্চালকজন কেলেংকাৰিটোৰ সৈতে জড়িত থকাটো নিশ্চিত হৈছে।

জানিব পৰা মতে, অভিযুক্ত আন বিষয়া-কৰ্মচাৰীৰ লগতে প্ৰাক্তন সঞ্চালকজনৰ বিৰুদ্ধেও তদন্তকাৰী সংস্থাটোৱে আদালতত চাৰ্জশ্বীট দাখিল কৰিব। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে মুঠ তিনিটা গোচৰ ৰজু কৰি তদন্ত চলাই আছে আৰু ইয়াৰে দুটা গোচৰৰ কেছ ডায়েৰী ইতিমধ্যে সাজু কৰিছে। তদন্তকাৰী সংস্থাটোৱে বিশেষ আদালতৰ নিৰ্দেশ মৰ্মে অহা ২০ আৰু ২৪ ছেপ্টেম্বৰত দুটা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিব।

আনহাতে, কেছ ডায়েৰী দাখিল কৰাৰ পূৰ্বে তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত কেইবাজনলৈ চমন জাৰি কৰিছে। যোৱা সপ্তাহত মুঠ ২৪জন অভিযুক্তলৈ চমন জাৰি কৰাৰ পাছত বৃহস্পতিবাৰে পুনৰ  ১৩জনলৈ সংস্থাটোৱে চমন জাৰি কৰে। দুটা গোচৰৰ এটাত ৬জনলৈ আৰু আনটো গোচৰত ৭জনলৈ এই চমন জাৰি কৰা হৈছে।

উল্লেখযোগ্য যে  চমন লাভ কৰি তদন্তকাৰী সংস্থাটোৰ ওচৰত হাজিৰ হোৱা তিনিজন অভিযুক্তক কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পাছতেই যোৱা সপ্তাহত ২৪জনক আৰু বৃহস্পতিবাৰে ১৩জনলৈ চমন জাৰি কৰা হয়। বৃহস্পতিবাৰে চমন জাৰি ১৩ জনৰ ভিতৰত শদিয়া, কাকপথাৰ, মাকুম আদি অঞ্চলৰ কেইবাজনো অভিযুক্ত আছে।

তাৎপৰ্যপূৰ্ণভাৱে, কংগ্ৰেছ চৰকাৰৰ আমোলত সংঘটিত ভুৱা নিযুক্তি সন্দৰ্ভত ২০১৫-১৬ চনত বিভাগে তদন্ত কৰি নিযুক্তি পোৱাসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল যদিও ৰহস্যজনকভাৱে তেওঁলোকৰ বিৰুদ্ধে এখনো এজাহাৰ দাখিল কৰা নাছিল। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, মৰিগাঁও, বঙাইগাঁও আদি জিলাত ভুৱা নিযুক্তি হোৱাটো ধৰা পৰাৰ পাছত বিভাগে তদন্ত কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল যদিও কোনো এখন জিলাতে বিভাগে এজাহাৰ দাখিল কৰা নাছিল।

আনহাতে, এই ভুৱা নিযুক্তি কেলেংকাৰি সন্দৰ্ভত বিভাগটোৰ প্ৰাক্তন সঞ্চালককে ধৰি বহু সংখ্যক বিষয়া-কৰ্মচাৰীৰ লগতে চাকৰি হেৰুওৱাসকলকো তদন্তৰ আওতালৈ অনা হৈছে। জানিব পৰা মতে, ভুৱা নিযুক্তি-পত্ৰৰে কেইবামাহো চাকৰি কৰা অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তদন্তকাৰী সংস্থাটোৱে চাৰ্জশ্বীট দাখিল কৰিব।

 

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd