লণ্ডনত মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে নতুন ঘৰ, কিমানটা কোঠা আছে আম্বানীৰ নতুন বাসভৱনত?

দেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে শেহতীয়াকৈ লণ্ডনত এটা নতুন ঘৰ লৈছে।

মুম্বাইত আম্বানীৰ সুদৃশ্য বাসভৱন এণ্টিলা থকাৰ পিছতো আম্বানীৰ পৰিয়ালে তেওঁলোকৰ বাবে দ্বিতীয় এটা বাসস্থানৰ অভাৱ অনুভৱ কৰি আছিল।

সেইমৰ্মে আম্বানীয়ে লণ্ডনৰ বিলাসবহুল অঞ্চলত অৱস্থিত বাকিংহামশ্বায়াৰ মেনছন ক্ৰয় কৰিছে।

চলিত বৰ্ষৰ প্ৰথম ভাগতে আম্বানীয়ে লণ্ডনৰ ৩০০ একৰ মাটিৰে আগুৰা এই অঞ্চলটো ক্ৰয় কৰিছিল।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে আম্বানীয়ে ৫৯২ কোটি টকাৰ বিনিময়ত এই ভৱনটো ক্ৰয় কৰিছে। সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত বাকিংহামশ্বায়াৰ মেনছনত আছে ৪৯ টা শোৱনী কোঠা।

প্ৰতিটো কোঠাই সজাই তোলা হৈছে আটক ধুনীয়াকৈ।

কেৱল সেয়াই নহয় বাকিংহামশ্বায়াৰ মেনছনত আছে এখন সৰু চিকিৎসালয়ো।

এগৰাকী ব্ৰিটিছ টিকিৎসকৰ নেতৃত্বত পৰিচালিত হয় এই চিকিৎসালয় খন। আম্বানী পৰিয়ালৰ বেমাৰ-আজাৰ হ’লে প্ৰথমে এই চিকিৎসালয়তে জৰুৰীকালীন চিকিৎসা গ্ৰহণ কৰিব পাৰিব।

বাকিংহামশ্বায়াৰ মেনছন যি স্থানত অৱস্থিত সেই স্থানক ষ্টক পাৰ্ক বুলিও জনা যায়। ষ্টক পাৰ্ক বিতোপন প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ।

মুম্বাইৰ কোলাহলপূৰ্ণ পৰিবেশৰ পৰা ওলাই আহি প্ৰকৃতিৰ নিৰিবিলি পৰিবেশত বাস কৰাৰ বাবেই আম্বানীৰ পৰিয়ালে বাকিংহামশ্বায়াৰ মেনছন ক্ৰয় কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে প্ৰতিবছৰে আম্বানীৰ পৰিয়ালে দীপাৱলী এণ্টিলাতেই উদযাপন কৰি আহিছিল যদিও এইবাৰ বাকিংহামশ্বায়াৰ মেনছনত দীপাৱলী উদযাপন কৰিছে।

আম্বানীয়ে ক্ৰয় কৰা এই ভৱনটোত জেমছ বণ্ড ছিৰজিৰ কেইবাখনো ছবিৰো শ্বুটিং হৈছিল।

আম্বানী পৰিয়ালে বাকিংহামশ্বায়াৰ মেনছন ক্ৰয় কৰা বুলি সংবাদমাধ্যমত খবৰ ওলাইছে যদিও আম্বানী পৰিয়ালৰ তৰফৰ পৰা এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই।