হিমন্তক টেগ কৰি এজন চিকিৎসকৰ টুইট : ৮৯ দিনৰ পৰা বিনা বেতনে কৰি আছো ক’ৰ’নাৰ চিকিৎসা

2-13-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমত প্ৰথমটো ক’ভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা দিন-ৰাতি একাকাৰ কৰি দায়িত্বসহকাৰে নিজৰ কৰ্তব্য পালন কৰি আছে চিকিৎসকসকলে।

ক’ৰ’নাক প্ৰতিৰোধ কৰাৰ বাবে কিছু সংখ্যক চিকিৎসকে সৰ্বোচ্চ উজাৰি দিয়াৰ বিপৰীতে আন একাংশই নিয়তিৰ ওচৰত হাৰ মানিবলগীয়াও হৈছে।

ইয়াৰ মাজতে কিন্তু এই মহাসংক্ৰমণকাৰী ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া একাংশ চিকিৎসক নিজৰ প্ৰাপ্য বেতনৰ পৰা  বঞ্চিত হৈ থকাৰ কথাও পোহৰলৈ আহিছে।

ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ এণ্ড হাস্পতালত কৰ্মৰত প্ৰত্যুষ মহন্ত নামৰ এগৰাকী চিকিৎসকে যোৱা ৮৯ দিনৰ বেতন লাভ নকৰা বুলি টুইটযোগে অভিযোগ উত্থাপন কৰে।

চিকিৎসকগৰাকীয়ে টুইটটোত ফটো শ্বেয়াৰ কৰি লিখে, ‘বিনা বেতনে কাম কৰা দিন= ৮৯। এতিয়া হোষ্টেল খালী কৰাৰ নিৰ্দেশ’।

টুইটটোৰ স্ক্ৰিনশ্বট

টুইটটোত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি দিয়া পৰিলক্ষিত হৈছে যদিও এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এতিয়ালৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে নৱেম্বৰৰ পৰা পাঠদান পুনৰ আৰম্ভ হ’ব সেয়ে ৰাজ্য চৰকাৰে ক’ভিড-১৯ত নিয়োজিত কৰা স্নাতকোত্তৰ উত্তীৰ্ণ চিকিৎসকসকলক নৱেম্বৰৰ প্ৰথম সপ্তাহত হোষ্টেল এৰিবলৈ নিৰ্দেশ দিছে।

এই নিৰ্দেশৰ পিছতেই একাংশ চিকিৎসক ক্ষুব্ধ হৈ পৰাৰ লগতে গভীৰ চিন্তাত পৰা পৰিলক্ষিত হৈছে।

‘আমি নিয়মীয়াভাৱে আমাৰ দায়িত্ব পালন কৰি গৈ আছো আৰু আমাৰ কিছুসংখ্যকে চিকিৎসকে বিনা বেতনে কাম কৰি আছে। আৰু এতিয়া নৱেম্বৰৰ প্ৰথম সপ্তাহত হোষ্টেল এৰিব লাগে বুলি চৰকাৰে নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পিছতে আমি হতাশ হৈ পৰিছো’, চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে এইদৰে কয়।

ইফালে একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে চৰকাৰক চিকিৎসকসকলৰ এই সমস্যাৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।