ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আৰু আকস্মিক মৃত্যুৰ সম্পৰ্কত অধ্যয়ন আৰম্ভ কৰিছে AMCH-য়ে

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (AMCH) চিকিৎসকৰ এটা দলে আকস্মিক মৃত্যু আৰু ক’ভিড ভেকচিনৰ বিৰূপ প্ৰভাৱৰ মাজত সম্ভাৱ্য সম্পৰ্কৰ অনুসন্ধানৰ বাবে বৈজ্ঞানিক গৱেষণাৰ প্ৰচেষ্টা হাতত লৈছে।

ডাঃ মৃগংকা শেখৰ চলিহা, ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা, ডাঃ প্ৰণামী বৰা, ডাঃ অনিছ হাজৰা, আৰু ডাঃ শ্যামজিৎ লক্ষ্মণক লৈ গঠিত এই দলটোৱে জনসাধাৰণক সঠিক তথ্য প্ৰদান কৰাৰ লগতে ক’ভিড ভেকচিনক লৈ উদ্বেগক সমাধান কৰাৰ লক্ষ্য লৈছে।

তেওঁলোকৰ গৱেষণামূলক পদক্ষেপে টিকাকৰণৰ পিছত হঠাৎ মৃত্যু আৰু অস্বাভাৱিক স্বাস্থ্যজনিত অৱস্থা বৃদ্ধিৰ ঘটনাৰ আঁৰৰ অন্তৰ্নিহিত কাৰণসমূহ বুজিবলৈ এক বিস্তৃত অনুসন্ধান চলাই আৰু মূল্যৱান তথ্য সংগ্ৰহ কৰি ভেকচিনৰ সৈতে জড়িত যিকোনো সম্ভাৱ্য বিপদৰ বিষয়ে স্পষ্টতা প্ৰদান কৰিব বিচাৰে।

লগতে পঢ়কঃ আমেথি নহয়, মাতৃ ছোনিয়াৰ সমষ্টি ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুলে; আজি দাখিল কৰিব মনোনয়ন

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ অধ্যাপক তথা মুৰব্বী ডাঃ মৃগংকা শেখৰ চলিহাই শেহতীয়া সময়ত হাৰ্ট এটেক বা হৃদযন্ত্ৰৰ ৰোগ বৃদ্ধিৰ সন্দৰ্ভত জনসাধাৰণৰ ক্ৰমবৰ্ধমান ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ উল্লেখ কৰে যে, “ৰাইজৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে যে ই ক’ভিড-১৯ৰ সৈতে জড়িত নে ক’ভিড ভেকচিনৰ সৈতে জড়িত। সেয়েহে আমি এই বিষয়ত এক বিস্তৃত বৈজ্ঞানিক গৱেষণামূলক অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছো।”

গৱেষক দলটোৱে ক’ভিড ৰোগী আৰু ক’ভিড ভেকচিন গ্ৰহণ কৰা ব্যক্তি উভয়কে ইচিজি, ইচিঅ’, এইচএছচিআৰপি, কাৰ্ডিয়াক এমআৰআইকে ধৰি বিভিন্ন পৰীক্ষা প্ৰদান কৰাৰ মনস্থ কৰিছে।

লগতে পঢ়কঃ IPL 2024: অন্তিম বলত শ্বাসৰুদ্ধকৰ জয়; অথলে গ’ল ৰিয়ান-যশস্বীৰ বেটিং বিক্ৰম, হায়দৰাবাদৰ হাতত ১ ৰানত পৰাস্ত ৰাজস্থান

অধ্যয়নত অংশগ্ৰহণ কৰাটো গোপনীয়তা ৰক্ষা কৰা হ’ব আৰু অংশগ্ৰহণকাৰীসকলক সকলো পৰীক্ষা বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

ইচ্ছুক ব্যক্তিয়ে ৯৫৬৪১৯৮৯৫৮ আৰু ৯৯৯৫৮১৮০৬৭ নম্বৰত দলটোৰ সৈতে যোগাযোগ কৰিব পাৰে।

শেহতীয়াকৈ ঔষধ কোম্পানী এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছে যে ভাৰতত Covishield আৰু ইউৰোপত Vaxzevria নামেৰে পৰিচিত তেওঁলোকৰ ক’ভিড-১৯ ভেকচিনৰ ফলত প্লেটলেটৰ সংখ্যা কম হোৱাৰ লগতে Thrombosis Thrombocytopenia Syndrome (TTS) নামৰ বিৰল তেজ জমা হোৱা পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।

লগতে পঢ়কঃ ৰাজভৱনত কৰ্মৰত মহিলাক যৌন নিৰ্যাতন ৰাজ্যপালৰ! ভুক্তভোগী মহিলাই দাখিল কৰিলে এজাহাৰ

এনেবোৰ পৰিঘটনাৰ পিছতো ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজত এই ভেকচিনৰ ব্যাপক ব্যৱহাৰ কৰা হৈছে।