NORTHEAST NOW (Assamese)

আম্ফান: কেনে প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলত? : জনালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই

May 21, 2020 12:35 pm · কল্পজ্যোতি শইকীয়া
Updated: May 21, 2020 12:38 pm
আম্ফানত উভলি পৰিছে গছ, ফ'টো সৌজন্য- ইন্টাৰনেট

সাগৰীয় ধুমুহা চাইক্ল’ন আম্ফানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে পশ্চিমবংগ, ওড়িশাত আৰু চুবুৰীয়া দেশ বাংলাদেশত।

১৭০ৰ পৰা ১৯০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত বলা ধুমুহা বৰষুণে ইতিমধ্যে পশ্চিমবংগৰ বিভিন্ন ঠাইৰ ২১ জন লোকৰ প্ৰাণ কাঢ়ি নিছে।

তেনে পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্য সমূহত কেনে প্ৰভাৱ পৰিব সেয়া জানিবলৈ সকলো ইচ্ছুক হৈ পৰিছে।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি বতাহ ধুমুহাৰ এই গতিবেগ উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে হ্ৰাস পাব।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত এই ধুমুহা বৰষুণৰ গতিবেগ ৩০-৫০ কি:মিৰ ভিতৰত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনায়।

অসমত ইয়াৰ গতিবেগ সৰ্বাধিক ৪০-৫০ কিঃমিঃ হ’ব।

ধুবুৰী, দক্ষিণ শালমৰা, মানকাচাৰ আৰু গোৱালপাৰা জিলাত আম্ফানৰ বিশেষভাবে ইয়াৰ প্ৰভাৱ পৰিব। আজিৰ দিনটোত এই অঞ্চলসমূহত বতাহৰ লগতে মুষলধাৰ বৰষুণ হ’ব। এই অঞ্চলসমূহক অৰেঞ্জ জ’নত ৰাখিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ঠিক সেইদৰে উপৰোক্ত জিলা কেইখনৰ তুলনাত কিছু কম প্ৰভাৱ পৰিব কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, বাক্সা, চিৰাং, কামৰূপ, কামৰূপ(মেট্ৰ’) আৰু নলবাৰী জিলাত। এই জিলা সমূহতো ধাৰাসাৰ বৰষুণ হ’ব।

এই জিলা কেইখনক য়েল্ল’ জ’ন হিচাপে গণ্য কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

ইয়াৰোপৰি, দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, আৰু ডিমা হাছাওত বৰষুণৰ লগতে বিজুলী, ঢেৰেকণি আৰু বতাহ বুলিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। এই অঞ্চল সমূহত বৰষুণ ধুমুহাৰ গতিবেগ জিলা ভেদে ৩০-৪০ কিঃমিঃ আৰু ৪০-৫০ কিঃমিঃ হ’ব।

ইপিনে, কাইলৈৰ দিনটোত মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত ৩০-৪০ কিঃমিঃ বেগত বতাহ বৰষুণ অহাৰ লগতে বিজুলী, ঢেৰেকনিও অহাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ক’ৰ’নাতংকৰ ওপৰত আম্ফানে পশ্চিমবংগত বিধ্বংসী তাণ্ডৱ চলাই প্ৰায় ১ লাখ কোটি টকাৰ সম্পদ ক্ষতিগ্ৰস্ত কৰিছে।

ইয়াৰোপৰি, পশ্চিবংগত প্ৰায় ৫ লাখ লোক গৃহহীন হোৱাৰ লগতে ওড়িশাত ১ লাখ লোক গৃহহীন হৈ এই প্ৰচণ্ড বতাহ ধুমুহাৰ সময়ত মুকলি আকাশৰ তলত অৱস্থান কৰিবলৈ বাধ্য হৈছে।

Related News