ৰাজ্যত কৰ’নাৰ ব্যাপক সংক্ৰমণ; কলিয়াবৰতো চাৰিজনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ

COVID19-image-credit-Odishatv-750x375

প্ৰতিনিধিত্বমূলক ফটো।

কলিয়াবৰত আজি ৪ গৰাকী লোকৰ ক’ভিড পজিটিভ চিনাক্ত হৈছে। কলকাতা-শিলঘাট ট্ৰেইনত অহা ৩ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক’ভিডত।

ইয়াৰে এজন জখলাবন্ধা ৰে’ল ষ্টেচনত টেষ্ট কৰোতে ক’ভিড পজিটিভ ধৰা পৰে।

কলকাতাৰ পৰা কলিয়াবৰলৈ অহা ১নং বৰঘূলিৰ ৱাহিদুৰ ইছলাম (২৫) কোভিডত আক্ৰান্ত হৈছে। জখলাবন্ধাত টেষ্ট কৰোতে তেওঁৰ কোভিড পজিটিভ ধৰা পৰে। বৰ্তমান তেওঁ হোম আইছ’লেশ্যনত আছে।

ইপিনে, একেখন ট্ৰেইনত অহা আন দুজন ব্যক্তিৰ শিলঘাট ষ্টেচনত নামি টেষ্ট কৰোতে কোভিড পজিটিভ ধৰা পৰে।

বিহাৰৰ পৱন ৰায়(৩৬) আৰু ঝাৰখণ্ডৰ সুনদ্ৰা কুমাৰী(২৫) SSB ত যোগদান কৰিবলৈ তেজপুৰ আহিছিল। তেওঁলোক বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে।

আনহাতে, কুঁৱৰীটোল ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত কৰা টেষ্টত এজন ৰোগীৰ শৰীৰত ধৰা পৰে ক’ভিড সংক্ৰমণ। আক্ৰান্ত ব্যক্তিজন গোমোঠা গাঁৱৰ ধ্ৰুৱজ্যোতি বৰা। বৰ্তমান তেওঁ নিজ গৃহতে হোম আইছ’লেশ্যনত আছে।

তদুপৰি¸ কলিয়াবৰৰ চুলুঙৰ মানৱ ধৰ্ম সেৱা আশ্ৰমত তিনিগৰাকীকৈ মহিলাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।

হৰিদ্বাৰ প্ৰেমনগৰ আশ্ৰমৰ আধ্যাত্মিক যোগ শিবিৰত ভাগলৈ উভতি আহোতে যোৰহাটৰ মৰিয়নীত কৰা ক’ভিড টেষ্টত তেওঁলোকৰ পজিটিভ ধৰা পৰে।

মহাত্মা অদিনা বাইজী, মহাত্মা গুণি বাইজী আৰু ললিতা ৰাজপুতৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হৈছে।

তিনিও গৰাকী বৰ্তমান আশ্ৰমখনৰ হোম আইছ’লেশ্যনত আছে। এই পৰ্যন্ত কলিয়াবৰত ১৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।