NORTHEAST NOW (Assamese)

সান্ধ্য আইন চলি থকাৰ মাজতে হাজোৰ মনাহকুছিত এগৰাকী বোৱাৰীক নৃশংসভাবে হত্যা

May 11, 2021 11:26 am · মৃদুল প্ৰীতম ডেকা
ফটো: নৰ্থইষ্ট নাও।

কৰ’না মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যত। যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ৰাজ্যত জাৰি কৰিছে সান্ধ্য আইনৰ। এই নৈশ সান্ধ্য আইনৰ মাজতে তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা।

কৰিস্মা ডেকা নামৰ এগৰাকী বোৱাৰীক নিজ গৃহতে নিৰ্মমভাৱে অচিনাক্ত দূৰ্বৃত্তই ঘপিয়াই হত্যা কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হাজো অঞ্চলত।

হাজোৰ ৩নং মনাহকুছিত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।

সোমবাৰে সন্ধিয়া ঘৰত কোনো নথকাৰ সময়তেই এই বৰ্বৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ কথা জানিবলৈ দিছে নিহত মহিলা গৰাকীৰ স্বামী বিশ্বজিৎ ডেকাৰ লগতে পৰিয়ালৰ লোকে।

৪বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা ২৩ বছৰীয়া মৃত কৰিস্মা ডেকাৰ আছে এটি সন্তানো। পৰিয়ালৰ লোকৰ সন্দেহ, এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে তেওঁলোকৰ পূৰ্বৰ গাড়ীচালক বিজয় দাস। কিয়নো বিজয় দাসৰ সঘনাই আহ যাহ চলিছিল বিশ্বজিৎ ডেকাৰ পৰিয়ালৰ সৈতে।

দেওবাৰে সন্ধিয়াৰ ভাগত সংঘটিত এই হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে নৈশ সান্ধ্য আইনৰ মাজতে ঘটনাস্থলীত ভিৰ কৰে স্থানীয় ৰাইজে।

এই ঘটনাৰ পাছতেই ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। সম্প্ৰতি হাজো আৰক্ষী থানালৈ অনা হৈছে মহিলা গৰাকীৰ মৃতদেহটো।

Related News