NORTHEAST NOW (Assamese)

স্ব-নিৰাপত্তা! মৃত্যুৰ ভাবুকিৰ মাজতে নতুন বুলেট প্ৰুফ বাহন ক্ৰয় ভাইজানৰ

April 7, 2023 7:03 pm · এন ই নাও নিউজ, গুৱাহাটী

বলীউডৰ ছুপাৰষ্টাৰ ভাইজান খ্যাত ছলমান খানে মৃত্যুৰ ভাবুকি লাভ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। অভিনেতাগৰাকীলৈ অহা এনে ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছিল।

জীৱনলৈ অহা শংকা প্ৰতিহতৰ বাবে এইবাৰ অভিনেতাগৰাকীয়ে নিজেই নিৰাপত্তাৰ সু-ব্যৱস্থা কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, মাজতে ছলমান খানে নিজৰ সুৰক্ষাৰ বাবে ক্ৰয় কৰিছে এখন উচ্চ নিৰাপত্তাসম্পন্ন এখন বুলেট প্ৰুফ বাহন।

জানিব পৰা মতে, ভাইজানে ক্ৰয় কৰিছে এখন নিছান পেট্ৰল এছ ইউ ভি। বৰ্তমানলৈকে ভাৰতৰ বজাৰত উপলব্ধ নোহোৱাৰ বাবে গাড়ীখন আমদানি কৰা হৈছে। নিৰাপত্তাৰ বাবে এই বাহনখন নিজৰ বাবে ক্ৰয় কৰাৰ সিদ্ধান্ত ল’লে ছলমানে।

শেহতীয়াকৈ অভিনেতাজনক এক অনুষ্ঠানত তেওঁলৈ অহা জীৱনৰ ভাবুকিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, “পুৰে ইণ্ডিয়া কে ভাইজান নহি হ্যে, কিচি কা জান ভি হ্যে।” অৰ্থাৎ সমগ্ৰ দেশৰ ভাইজান নহয়, কিছু লোকৰ জানো হয়।

উল্লেখ্য যে, কিছুদিনৰ পিছতেই ছবিগৃহলৈ আহিব ভাইজানৰ নতুন ছবি ‘কিচি কা ভাই, কিছি কি জান’। ছবিখনত ছলমান খানৰ লগত দেখা যাব পূজা হেগড়ে, শ্বেহনাজ গিল, ৰাঘৱ জুৱেল, সিদ্ধাৰ্থ নিগম আদি অভিনেতা-অভিনেত্ৰীক। অহা ২১ এপ্ৰিলত ছবিখন মুক্তি পোৱাৰ কথা।

Related News