জনহিত জনসেৱাৰ্থে কোকৰাঝাৰ আৰক্ষী, আৰ্তজনলৈ মুকলি সমূহীয়া ভোজনালয়

লকডাউনৰ মাজতে কোকৰাঝাৰ আৰক্ষীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। দৰিদ্ৰ ভোকাতুৰজনৰ বাবে মুকলি কৰিছে এক সমূহীয়া ভোজনালয়।

লকডাউনৰ ফলত খোৱা-বোৱাত কষ্ট পোৱা দুখীয়া-নিচলা, গৃহহীনসকলৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰা সমূহীয়া ভোজনালয়টো বৃ্হস্পতিবাৰৰ পৰা আৰম্ভ হৈছে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে প্ৰকাশ কৰা মতে লকডাউন চলি থকালৈকে এই সমূহীয়া ভোজনালয়টো অব্যাহত থাকিব।

তেওঁ কয় যে লকডাউনৰ বাবে যিসকল লোকে খোৱা-বোৱাত অসুবিধা পাইছে তেওঁলোক এতিয়াৰে পৰা বিনামুলীয়াভাৱে কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰা ভোজনালয়ত তৃপ্তিৰে এসাজ খাব পাৰিব।

ভোজনালয় মুকলি কৰাৰ উপৰিও কোকৰাঝাৰ আৰক্ষীয়ে আজি চহৰখনত ৰাইজৰ মাজত মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰে।

আৰক্ষী অধীক্ষক ৰৌশনে সদৰী কৰা মতে কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে ১০হাজাৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে।

ইফালে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোকৰাঝাৰ আৰক্ষীয়ে লকডাউন নমনাসকলৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

আৰক্ষীয়ে লকডাউন ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিছে আৰু একাংশ যান-বাহন জব্দ কৰিছে।

কোকৰাঝাৰ আৰক্ষীৰ ভোজনালয় মুকলি কাৰ্য্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা (সদৰ), অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) ৰ’জিৰাণী শৰ্মা, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীকে ধৰি জিলাখনৰ আন আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে দেশজোৰা লকডাউন ৩ মে’লৈকে বঢ়াই দিছে।

অসমত এতিয়ালৈকে ৩৪জন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। তাৰে এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

ৰাজ্যখনত যোৱা দুদিনত পাঁচগৰাকী লোক ক’ভিড-১৯ৰ পৰা সুস্থ হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

বৃ্হস্পতিবাৰলৈকে দেশত ১২,৩৮০গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে আৰু এই ৰোগত ৪১৪জনে প্ৰাণ হেৰুৱাইছে।

এতইয়ালৈকে ১৪৮৯ গৰাকী লোক চিকিৎসাৰ পিছত সুস্থ হৈছে আৰু তেওঁলোকক যাবলৈ দিয়া হৈছে।

ভাৰতত ক’ভিড-১৯ত মৃত্যুৰ হাৰ ৩.৩ শতাংশ। ইয়াৰ বিপৰীতে এতিয়ালৈকে আৰোগ্যৰ হাৰ ১২.০২ শতাংশ।