বিতৰ্কৰ মাজতে কেৰালাত বিবিচিৰ গোধৰা কাণ্ডৰ তথ্যচিত্ৰ প্ৰদৰ্শনৰ প্ৰস্তুতি কংগ্ৰেছৰ

BBC documentary on Modi

দেশত চৰ্চাৰ শীৰ্ষত আছে বিবিচিৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন’। ২০০২ চনত গুজৰাটৰ গোধৰাত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ ওপৰত বিবিচি- এ প্ৰস্তুত কৰা এই তথ্যচিত্ৰখন ইতিমধ্যে ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে ভাৰতত।

ভাৰত চৰকাৰৰ এনে কঠোৰ স্থিতিৰ মাজতে কেৰালাৰ কংগ্ৰেছ ইউনিটে আজি তিৰুৱনন্তপুৰমত বিবিচিৰ এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰিবলৈ প্ৰস্তুতি চলাইছে।

২০০২ চনৰ গোধৰা সংঘৰ্ষ আৰু এই সংঘৰ্ষত বৰ্তমানৰ প্ৰধানমন্ত্ৰী তথা সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক লৈ বিবিচিয়ে নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনৰ প্ৰদৰ্শনক লৈ শেহতীয়া দুটা দিনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেশৰ দুখনকৈ আগশাৰীৰ বিশ্ববিদ্যালয়ত।

দিল্লীস্থিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত বিবিচিৰ এই তথ্যচিত্ৰখন প্ৰদৰ্শনক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। জে এন ইউ- ত তথ্যচিত্ৰখন প্ৰদৰ্শনৰ সময়ত বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগ কৰ্তনক কেন্দ্ৰ কৰি প্ৰতিবাদত নামিছিল শিক্ষাৰ্থীসকল।

আনহাতে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত তথ্যচিত্ৰখন প্ৰদৰ্শনৰ আয়োজন কৰাৰ পাছতে বিশ্ববিদ্যালয়ত নিয়োগ কৰা হৈছিল আৰক্ষী। এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষাৰ্থীক আটক কৰিছিল দিল্লী আৰক্ষীয়ে।

এনে পৰিস্থিতিত কেৰালাত কংগ্ৰেছৰ এই পদক্ষেপ লক্ষণীয় হৈ পৰিছে। ইফালে তথ্যচিত্ৰখনৰ দৰ্শনীক লৈ বিবাদৰ সূত্ৰপাত হৈছে কেৰালা কংগ্ৰেছৰ ভিতৰচৰাতো। শেহতীয়াকৈ দলৰ প্ৰবীণ নেতা এ কে এণ্টনীৰ পুত্ৰ অনিল কে এণ্টনীয়ে কংগ্ৰেছৰ বিপৰীত স্থিতি গ্ৰহণ কৰি দল ত্যাগ কৰিছিল।

অনিল কে এণ্টনীয়ে এক টুইট যোগে বিবিচিৰ তথ্যচিত্ৰখনক বিপজ্জনক আখ্যা দিয়াৰ পাছত এই টুইটটো প্ৰত্যাহাৰ কৰিবলৈ দলে ‘অসহিষ্ণু আহ্বান’ জনোৱা বুলি অভিযোগ কৰি দলৰ পৰা ওলাই আহিছিল।

অনিল এণ্টনীৰ এই অভিযোগৰ বিপৰীতে তিৰুৱনন্তপুৰমৰ লোকসভাৰ সদস্য তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে এণ্টনীৰ যুক্তিক অপৰিপক্ক আখ্যা দিছিল।

দেশৰ সাৰ্বভৌমত্ব ইমান সহজে প্ৰভাৱিত হ’ব নোৱাৰে বুলি মন্তব্য কৰি থাৰুৰে ভাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ইমানেই দুৰ্বল নে যে তথ্যচিত্ৰৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছিল।