হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনে গৌতম আদানিৰ সফলতাৰ কাহিনীত ডাঙৰ যতি পৰিছে! এই প্ৰতিবেদন বুধবাৰে প্ৰকাশ পাইছিল। আদানিৰ বিৰুদ্ধে বহুতো অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ এই প্ৰতিবেদনৰ পিছত তেওঁৰ ব্যৱসায়িক কৌশলৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে। আদানি গ্ৰুপৰ শ্বেয়াৰৰ পতন ঘটিছে। চাৰিওফালে ডুবন্ত দশা।
হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত শনিবাৰেলৈকে আদানি গ্ৰুপৰ সাতটা তালিকাভুক্ত কোম্পানীৰ বজাৰ মূলধন ৪৮ বিলিয়ন ডলাৰ বা ৪ হাজাৰ ৮০০ কোটি ডলাৰ হ্ৰাস পাইছে।
ফলস্বৰূপে, এতিয়া ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিজনৰ চাৰিওফালে বিপদ নামি আহিছে। আদানি এণ্টাৰপ্ৰাইজৰ এফপিঅ’ (ফলো-অন পাব্লিক অফাৰ-তালিকাভুক্ত কোম্পানীৰ নতুন শ্বেয়াৰ জাৰী) বজাৰত আহিব বুলি নিৰ্ধাৰণ কৰাৰ দুদিন আগতে প্ৰতিবেদনখন প্ৰকাশ কৰা হৈছিল। ইয়াৰ ফলত পৰিস্থিতিটো ইমানেই অৱনতি ঘটিছে যে এই এফপিঅ’ জাৰী কৰা বেংকবোৰে এতিয়া এই এফপিঅ’বোৰৰ মূল্য হ্ৰাস কৰা বা সময়সূচী সলনি কৰাৰ কথা ভাবি আছে।
এক প্ৰতিবেদন অনুসৰি, বিশ্বৰ অন্যতম ধনী গৌতম আদানি গ্ৰুপৰ সাতটা কোম্পানী তালিকাভুক্ত। যোৱা দুই-তিনি বছৰত তেওঁলোকৰ ব্যৱসায় দ্ৰুত বিকশিত হৈছে। বিশেষকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত যেতিয়া ইন্ধনৰ মূল্য বৃদ্ধি পাইছিল আদানীয়ে অতি সোনকালে ধনী লোকৰ তালিকাত চতুৰ্থ স্থানলৈ উন্নীত হৈছিল।
কিন্তু সাম্প্ৰতিক পৰিস্থিতিত আদানি এণ্টাৰপ্ৰাইজৰ এফপিঅ’ জাৰীকৰ্তাসকলৰ মাজত স্বাভাৱিকতে এক শংকাৰ সৃষ্টি হৈছে। অহা মঙলবাৰে এই এফপিঅ’ ক্ৰয় কৰাৰ অন্তিম দিন। জাৰীকৰ্তাসকলে এই ম্যাদ চাৰি দিনলৈ বৃদ্ধি কৰিব বিচাৰে। শুকুৰবাৰে এই এফপিঅ’-ৰ মূল্য ২০ শতাংশ হ্ৰাস পায়। ফলস্বৰূপে, ইয়াৰ মূল্য ছেকেণ্ডাৰি বজাৰত নিম্নতম মূল্যতকৈ ১১ শতাংশ কমি গৈছে। সেইদিনা ইয়াৰ লক্ষ্যৰ মাত্ৰ ১ শতাংশ বিক্ৰী হৈছে। সেইকাৰণে এই এফপিঅ’ৰ ভৱিষ্যতক লৈ আশংকাৰ সৃষ্টি হৈছে।
এই এফপিঅ’ৰ মূল্যস্তৰ আদানি গ্ৰুপৰ দ্বাৰা ৩,১১২ টকা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু শুকুৰবাৰে বজাৰত ইয়াৰ মূল্য ২,৭৬১ টকালৈ হ্ৰাস পায়। এই এফপিঅ’-ত, ৪.৫ কোটি শ্বেয়াৰ মুকলি কৰা হৈছিল। কিন্তু বিনিয়োগকাৰীসকলে এতিয়ালৈকে মাত্ৰ ৪ লাখ ৭০ হাজাৰ ১৬০ টা শ্বেয়াৰহে ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছে।
হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ এক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ গৱেষণা প্ৰতিবেদনত আদানিৰ ব্যৱসায়ৰ বিভিন্ন জালিয়াতি আৰু প্ৰৱঞ্চনামূলক দিশৰ ওপৰত আলোকপাত কৰিছে। সেই প্ৰতিবেদন অনুসৰি, মাত্ৰ তিনি বছৰতে আদানিৰ ব্যৱসায় জয়জয় ময়ময় হৈ উঠিছিল। আৰু এনেদৰে, আদানিয়ে শ্বেয়াৰ বজাৰক এক হাতিয়াৰ কৰি তুলিছে। তেওঁ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰি কৃত্ৰিমভাৱে তেওঁৰ সম্পদ বৃদ্ধি কৰিছে।
আদানিয়ে সমুদ্ৰবন্দৰ আৰু বিমানবন্দৰ, বিদ্যুৎ উৎপাদন প্ৰকল্প, খনি, খোৱা তেল আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত যথেষ্ট বিনিয়োগ কৰিছিল। মিডিয়া আৰু চিমেণ্ট খণ্ডতো তেওঁৰ বিনিয়োগ আছে।
ফৰ্বছৰ তালিকাত বিশ্বৰ তৃতীয় ধনী ব্যক্তি হোৱা আদানিৰ মুঠ সম্পত্তিৰ মূল্য ১২৭ বিলিয়ন ডলাৰ বা ১২,৭০০ কোটি ডলাৰ হৈছিল। ৬০ বছৰীয়া আদানি কেইবছৰমান আগলৈকে খুব ভালদৰে পৰিচিত নাছিল। হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদনত সেইটো স্পষ্টভাৱে উল্লেখ কৰা হৈছে। তেওঁলোকে কৈছে যে আদানি গ্ৰুপে কৃত্ৰিমভাৱে ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। ষ্টক জালিয়াতিৰ জৰিয়তে গৌতম আদানিৰ ১৩,০০০ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ ভিতৰত ১০,০০০ কোটি ডলাৰ উপাৰ্জন হৈছে যোৱা তিনি বছৰত। এই তিনি বছৰত তেওঁৰ সম্পত্তি গড়ে ৮১৯ শতাংশ বৃদ্ধি পাইছে।
আদানিক ৰাজনৈতিক দলসমূহৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি ব্যৱসায়িক সুবিধা লাভ কৰাৰ অভিযোগ আছে। আদানিয়েও নিজেই ৰাজনৈতিক দলসমূহৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ কথা স্বীকাৰ কৰিছিল।