• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডুবিছে, ডুবিবই! সংকটৰ সন্মুখীন আদানি এণ্টাৰপ্ৰাইজৰ এফপিঅ’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 29, 2023 2:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনে গৌতম আদানিৰ সফলতাৰ কাহিনীত ডাঙৰ যতি পৰিছে!  এই প্ৰতিবেদন বুধবাৰে প্ৰকাশ পাইছিল। আদানিৰ বিৰুদ্ধে বহুতো অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ এই প্ৰতিবেদনৰ পিছত তেওঁৰ ব্যৱসায়িক কৌশলৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে। আদানি গ্ৰুপৰ শ্বেয়াৰৰ পতন ঘটিছে। চাৰিওফালে ডুবন্ত দশা।

হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত শনিবাৰেলৈকে আদানি গ্ৰুপৰ সাতটা তালিকাভুক্ত কোম্পানীৰ বজাৰ মূলধন ৪৮ বিলিয়ন ডলাৰ বা ৪ হাজাৰ ৮০০ কোটি ডলাৰ হ্ৰাস পাইছে।

ফলস্বৰূপে, এতিয়া ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিজনৰ চাৰিওফালে বিপদ নামি আহিছে। আদানি এণ্টাৰপ্ৰাইজৰ এফপিঅ’ (ফলো-অন পাব্লিক অফাৰ-তালিকাভুক্ত কোম্পানীৰ নতুন শ্বেয়াৰ জাৰী) বজাৰত আহিব বুলি নিৰ্ধাৰণ কৰাৰ  দুদিন আগতে প্ৰতিবেদনখন প্ৰকাশ কৰা হৈছিল। ইয়াৰ ফলত পৰিস্থিতিটো ইমানেই অৱনতি ঘটিছে যে এই এফপিঅ’ জাৰী কৰা বেংকবোৰে এতিয়া এই এফপিঅ’বোৰৰ মূল্য হ্ৰাস কৰা বা সময়সূচী সলনি কৰাৰ কথা ভাবি আছে।

Apply Now

এক প্ৰতিবেদন অনুসৰি, বিশ্বৰ অন্যতম ধনী গৌতম আদানি গ্ৰুপৰ সাতটা কোম্পানী তালিকাভুক্ত। যোৱা দুই-তিনি বছৰত তেওঁলোকৰ ব্যৱসায় দ্ৰুত বিকশিত হৈছে। বিশেষকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত যেতিয়া ইন্ধনৰ মূল্য বৃদ্ধি পাইছিল আদানীয়ে অতি সোনকালে ধনী লোকৰ তালিকাত চতুৰ্থ স্থানলৈ উন্নীত হৈছিল।  

কিন্তু সাম্প্ৰতিক পৰিস্থিতিত আদানি এণ্টাৰপ্ৰাইজৰ এফপিঅ’ জাৰীকৰ্তাসকলৰ মাজত স্বাভাৱিকতে এক শংকাৰ সৃষ্টি  হৈছে। অহা মঙলবাৰে এই এফপিঅ’ ক্ৰয় কৰাৰ অন্তিম দিন। জাৰীকৰ্তাসকলে এই ম্যাদ চাৰি দিনলৈ বৃদ্ধি কৰিব বিচাৰে। শুকুৰবাৰে এই এফপিঅ’-ৰ মূল্য ২০ শতাংশ হ্ৰাস পায়। ফলস্বৰূপে, ইয়াৰ মূল্য ছেকেণ্ডাৰি বজাৰত নিম্নতম মূল্যতকৈ ১১ শতাংশ কমি গৈছে। সেইদিনা ইয়াৰ লক্ষ্যৰ মাত্ৰ ১ শতাংশ বিক্ৰী হৈছে। সেইকাৰণে এই এফপিঅ’ৰ ভৱিষ্যতক লৈ আশংকাৰ সৃষ্টি হৈছে।

এই এফপিঅ’ৰ মূল্যস্তৰ আদানি গ্ৰুপৰ দ্বাৰা ৩,১১২ টকা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু শুকুৰবাৰে বজাৰত ইয়াৰ মূল্য ২,৭৬১ টকালৈ হ্ৰাস পায়। এই এফপিঅ’-ত, ৪.৫ কোটি শ্বেয়াৰ মুকলি কৰা হৈছিল। কিন্তু বিনিয়োগকাৰীসকলে এতিয়ালৈকে মাত্ৰ ৪ লাখ ৭০ হাজাৰ ১৬০ টা শ্বেয়াৰহে ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছে। 

হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ এক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ গৱেষণা প্ৰতিবেদনত আদানিৰ ব্যৱসায়ৰ বিভিন্ন জালিয়াতি আৰু প্ৰৱঞ্চনামূলক দিশৰ ওপৰত আলোকপাত কৰিছে। সেই প্ৰতিবেদন অনুসৰি, মাত্ৰ তিনি বছৰতে আদানিৰ ব্যৱসায় জয়জয় ময়ময় হৈ উঠিছিল। আৰু এনেদৰে, আদানিয়ে শ্বেয়াৰ বজাৰক এক হাতিয়াৰ কৰি তুলিছে। তেওঁ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰি কৃত্ৰিমভাৱে তেওঁৰ সম্পদ বৃদ্ধি কৰিছে।

আদানিয়ে সমুদ্ৰবন্দৰ আৰু বিমানবন্দৰ, বিদ্যুৎ উৎপাদন প্ৰকল্প, খনি, খোৱা তেল আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত যথেষ্ট বিনিয়োগ কৰিছিল। মিডিয়া আৰু চিমেণ্ট খণ্ডতো তেওঁৰ বিনিয়োগ আছে।

ফৰ্বছৰ তালিকাত বিশ্বৰ তৃতীয় ধনী ব্যক্তি হোৱা আদানিৰ মুঠ সম্পত্তিৰ মূল্য ১২৭ বিলিয়ন ডলাৰ বা ১২,৭০০ কোটি ডলাৰ হৈছিল। ৬০ বছৰীয়া আদানি কেইবছৰমান আগলৈকে খুব ভালদৰে পৰিচিত নাছিল। হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদনত সেইটো স্পষ্টভাৱে উল্লেখ কৰা হৈছে। তেওঁলোকে কৈছে যে আদানি গ্ৰুপে কৃত্ৰিমভাৱে ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। ষ্টক জালিয়াতিৰ জৰিয়তে গৌতম আদানিৰ ১৩,০০০ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ ভিতৰত ১০,০০০ কোটি ডলাৰ উপাৰ্জন হৈছে যোৱা তিনি বছৰত। এই তিনি বছৰত তেওঁৰ সম্পত্তি গড়ে ৮১৯ শতাংশ বৃদ্ধি পাইছে।

আদানিক ৰাজনৈতিক দলসমূহৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি ব্যৱসায়িক সুবিধা লাভ কৰাৰ অভিযোগ আছে। আদানিয়েও নিজেই ৰাজনৈতিক দলসমূহৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ কথা স্বীকাৰ কৰিছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd