কৰ’নাই উদ্বিগ্ন কৰি তোলাৰ সময়তে অসমত ভেকচিনৰ নাটনি!

cov-1232444-750x375

প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যখনত কোভিড-১৯ৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে ভেকচিনৰ নাটনি হোৱাৰ বাতৰিয়ে উদ্বেগৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়াই নিশ্চিত কৰিছে যে  মজুত থকা ভেকচিনৰ ড’জ দুই তিনিদিনৰ ভিতৰতে শেষ হ’ব।

বৰ্তমান ৰাজ্যখনত কোভিড ভেকচিনৰ  ২.৭০লাখ ড’জ আছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়াই জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে প্ৰায় ৫৪,০০০লোকৰ টীকাকৰণ সম্পন্ন কৰাৰ পাছত শুকুৰবাৰে এই সংখ্যা প্ৰায় ৫৫,০০০স্পৰ্শ কৰিছে।

‘’এই হাৰত, বৰ্তমানৰ মজুত থকা ভেকচিনৰ ড’জ ২-৩দিনৰ ভিতৰতে শেষ হৈ যাব। আনহাতে, কেন্দ্ৰীয় চৰকাৰে ১২ এপ্ৰিলৰ ভিতৰত এক চালান প্ৰেৰণ কৰিব বুলি কৈছিল। অৱশ্যে, এই বিষয়টো এতিয়ালৈ নিশ্চিত কৰা হোৱা নাই, আমি আশাবাদী,’’-এগৰাকী বিষয়াই কয়।

প্ৰকত কথাটো হ’ল বৰ্তমান মজুত থকা ড’জসমূহ জিলাসমূহত ইতিমধ্যে বিতৰণ কৰা হৈছে আৰু জিলাই জিলাই তথা বিভিন্ন স্থানত ভেকচিন ল’ব বিচৰা লোকৰ সংখ্যাৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে।

ভেকচিন প্ৰদান কৰা স্থানসমূহত কাৰ্যকৰী হোৱাকৈ ৰখাৰ বাবে এতিয়া ড’জসমূহৰ পুনৰ আৱন্টন কৰা হৈছে।

বৃহস্পতিবাৰলৈকে ৰাজ্যখনৰ ১১.৮০লাখ লোকে ভেকচিনৰ প্ৰথমটো ড’জ গ্ৰহণ কৰিছে আৰু ২.২৩লাখ লোকক দ্বিতীয় ড’জ দিয়া হৈছে।

সেয়েহে, ভেকচিনৰ নাটনিলৈ চাই সদ্যহতে নতুনকৈ ভেকচিনৰ প্ৰথমটো ড’জ দিয়া বন্ধ ৰখা হৈছে।