NORTHEAST NOW (Assamese)

বানবিধ্বস্ত বেংগালুৰু, ১০ কোটিৰ ভিলাৰ ভিতৰতো পানী! হোটেলৰ ভাড়া ৪০ হাজাৰ টকালৈ বৃদ্ধি

September 8, 2022 7:21 pm · এন ই নাও নিউজ, গুৱাহাটী

নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ বাবে প্ৰযুক্তিৰ চহৰ বেংগালুৰু এতিয়াও জলমগ্ন হৈ আছে। বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। শিক্ষানুষ্ঠানসমূহ বৃহস্পতিবাৰলৈকে বন্ধ আছে। বৰ্তমানো কিছুমান এলেকাত আৱাসৰ এটা মহলা সম্পূৰ্ণৰূপে পানীৰ তলত আছে। কিছুমান বাসস্থানৰ ভিতৰত আকৌ একাঁঠু পানী।

এই পৰিস্থিতিত বহুলোকে ততাতয়াকৈ বাসস্থান এৰি হোটেলত আশ্ৰয় লৈছে। বহুতেই চেষ্টা কৰিও হোটেলত আশ্ৰয় ল’ব পোৱা নাই। বানবিধ্বস্ত বেংগালুৰুত হোটেলৰ ভাড়া নিশাৰ ভিতৰতে দুগুণ হৈ ৪০হাজাৰ টকালৈ বৃদ্ধি পাইছে।

বাতৰি অনুসৰি, হোৱাইটফিল্ড, আউটাৰ ৰিং ৰোড, পুৰণি বিমানবন্দৰ ৰোড, কাৰ্মংলা ৰোডৰ হোটেলবোৰ পৰৱৰ্তী ১৫ দিনৰ বাবে সম্পূৰ্ণৰূপে বুক হৈছে। এটা কোঠাও খালী নাই।

কিছুমান হোটেলৰ ভাড়া আছিল ১০ ৰ পৰা টিকে ২০ হাজাৰ টকা আছিল, সেইবোৰেই এতিয়া ৪০ হাজাৰ টকা লৈ বৃদ্ধি হৈছে। অন্যান্য সাধাৰণ হোটেলৰ ভাড়াও ১০ হাজাৰ অতিক্ৰম কৰিছে।

অৱশ্যে, ব্ৰুহাট বেংগালুৰু হোটেল মালিক সন্থাৰ সভাপতি পি চি ৰাৱে এই পৰিৱেশত এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কৈছিল যে কিছুমান হোটেলে সাধাৰণ লোকক বিবেচনা কৰি ঘৰৰ ভাড়াত ৫০ শতাংশ ৰেহাই দিছে।

অৱশ্যে, ‘ওয়ো’ হোটেলৰ ভাড়া ১০০০ ৰ পৰা ১২০০-ৰ ভিতৰত ৰখা হৈছে। সাধাৰণতে ওয়ো হোটেলত কোঠা বুক কৰাৰ ধৰণে বুকিং লোৱা হৈছে।

আনহাতে, জলমগ্ন বেংগালুৰুৰ কেইবাখনো ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত এটা ভিলাৰ প্ৰথম মহলাত পানী জমা হোৱা দেখা গৈছে। ১০ কোটিৰ ভিলাৰ ড্ৰয়িং ৰুমৰ চোফাও পানীত ওপঙি থকা দেখা গৈছে। 

Related News