এফালে পৰিবহন নিগমৰ ৭০০ৰো অধিক কৰ্মচাৰীক চাফাই : আনফালে তিনিচুকীয়াত জ্বলি উঠিল বাছ

৭০০ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাক লৈ চলি থকা প্ৰতিবাদৰ মাজতে বৃহস্পতিবাৰে পুৱা তিনিচুকীয়া জিলাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত এখন বাছ জুইত ভস্মীভূত হয়।

এ এছ ১২ বি চি ৯৪৪৭ নম্বৰত পঞ্জীয়ন কৰা এই বাছখন তিনিচুকীয়াৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰাৰ কথা আছিল।

কিন্তু যাত্ৰীসকলে বাছখনত উঠাৰ আগতেই হঠাতে বাছখনত জুই লাগি বাছখন সম্পূৰ্ণৰূপে জ্বলি যায়।

লগতে পঢ়কঃ বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে ৮৩ টকা – ১ জুনৰ পৰা প্ৰযোজ্য হ’ব নতুন মূল্য

এই মুহূৰ্তলৈকে বাছখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে আনন্দ প্ৰকাশ তিৱাৰী আৰু খগেন্দ্ৰ নাথ চেতিয়াৰ দ্বাৰা অবৈধভাৱে নিযুক্তি পোৱা বুলি অভিযোগ উত্থাপন হোৱা ৭৭১জন ব্যক্তিৰ  চাকৰি কৰ্তন কৰা হ’ব বুলি চলিত সপ্তাহৰ আৰম্ভণীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। 

চৰকাৰী জাননী অনুসৰি উপযুক্ত পদ্ধতি পালন নকৰাকৈ মুঠ ২২৭৪ জন কৰ্মচাৰীক নিযুক্তি দিয়াৰ ফলত দুৰ্নীতি আৰু পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি চৰকাৰে এই কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

ইয়াৰ পিছতেই সমগ্ৰ অসমকে ধৰি গুৱাহাটীৰ পল্টনবজাৰ অঞ্চলৰ এ এছ টি চিৰ কাৰ্যালয়ত তীব্ৰ  প্ৰতিবাদৰ সৃষ্টি হয়। এইদৰে কৰ্মচাৰীৰ প্ৰতিবাদে ৰাজ্যখন উত্তাল কৰি ৰখাৰ অৱস্থাতে অজ্ঞাত কাৰণত এইদৰে এখন বাছ জ্বলি উঠা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় আইন মতে অপৰাধ নহয় : কৰ্ণাটক উচ্চ ন্যায়ালয়