NORTHEAST NOW (Assamese)

অসমত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ; অংশ ল’লে উত্তৰ-পূব পৰিষদৰ সন্মিলনত

September 8, 2019 2:16 pm · কল্পজ্যোতি শইকীয়া

অসমত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। দুপৰীয়া ১১.৪৫ ত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হয়হি কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। উপস্থিত হোৱাৰ পিছতে অমিত শ্বাহক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়।

ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ৬৮ সংখ্যক উত্তৰ পূব পৰিষদৰ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে পোনে পোনে অসম পদাধিকাৰী আইন মহাবিদ্যালয়ত উপস্থিত হয়গৈ।

এই বৈঠকত উত্তৰ-পূবৰ উন্নয়নৰ সন্দৰ্ভত আলোচনা হ’ব। উক্ত বৈঠকত মুখ্য মন্ত্ৰী সোণোৱাল, উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ মুখ্য মন্ত্ৰী, ৰাজ্যপান, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি অসমৰ সাংসদৰ সকলে অংশ গ্ৰহণ কৰিছে।

আনহাতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই বিয়লি ২.৩০ বজাত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি এন আৰ চি সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব।

কাইলৈ অৰ্থাৎ ৯ ছেপ্টেম্বৰত পুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কামাখ্যা মন্দিৰ দৰ্শন কৰি কলাক্ষেত্ৰত নেডাৰ এক বৈঠকত অংশ গ্ৰহণ কৰিব।

Related News