বিজেপিৰ বিশাল দলীয় সভাত ভাগ ল’বলৈ ৮ অক্টোবৰত গুৱাহাটীলৈ আহিব জে পি নাড্ডা আৰু অমিত শ্বাহ

বিজেপিৰ ৰাজ্যিক সভাপতি পদত থাকিব ভৱেশ কলিতাই

গুৱাহাটী:  অহা ৮ অক্টোবৰত গুৱাহাটীত বিজেপিৰ দলীয় কাৰ্যকৰ্তাৰ এক বিশাল সন্মিলন খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব। প্ৰায় ৪০ হাজাৰ দলীয় দায়িত্বত থকা কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনখনত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী’ ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখ্য মুখপাত্ৰ তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই কথা জানিবলৈ দিছে।

আনহাতে, বিবৃতিটোত তাছাই কয় যে ‘’২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিবাৰ্চনৰ বাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বতেই দলে সাংগঠনিক কামকাজ ব্যাপক কাৰ্যসূচীৰে সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী নীতিৰ আধাৰত আগবঢ়াই নিছে।”

লগতে পঢ়ক: মোডী মন্ত্ৰীসভাৰ সদস্য নাৰায়ণ ৰাণেৰ ঘৰৰ অবৈধ অংশ দুসপ্তাহৰ ভিতৰত ভঙাৰ নিৰ্দেশ বোম্বাই উচ্চ ন্যায়ালয়ৰ

মুখপাত্ৰজনে স্পষ্টভাৱে কয় যে বৰ্তমানে ৰাজ্যিক সভাপতি সলনি হোৱাৰ কোনো চিন্তাচৰ্চা দলৰ মজিয়াত হোৱা নাই।

একাংশ সংবাদ মাধ্যমে ৰাজ্যিক সভাপতি সলনি হব বুলি ভিত্তিহীন তথ্যৰ আধাৰত বাতৰি পৰিৱেশন কৰি আহিছে বুলি উল্লেখ কৰি তাছাই এনে ভিত্তিহীন বাতৰিক গুৰত্ব প্ৰদান নকৰিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱাৰ লগতে সংবাদ মাধ্যমকো তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশনৰ বাবে আহ্বান জনায়।

মুখপাত্ৰ তাছাই ভৱেশ কলিতাই বিজেপিৰ সভাপতি হৈ থাকিব বুলি স্পষ্ট কৰি দি কয় যে ৰাজনৈতিক নেতৃত্ব পৰিৱৰ্তনক লৈ দলৰ শীৰ্ষ মহলত কোনো ধৰণৰ চিন্তা-চৰ্চা হোৱা নাই।

ইপিনে, সভাপতি পৰিৱৰ্তনকলৈ বিভিন্ন মহলত চলি থকা চৰ্চা সম্পৰ্কতো মন্তব্য কৰি তাছাই ৰাজ্যখনত বিজেপিৰ শক্তিশালী স্থিতিৰ কথা দাঙি ধৰি কয়, ‘’দলৰ বিশালতাৰ মাজত কেতিয়াও পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ উজনি-নামনি, উত্তৰপাৰ-দক্ষিণপাৰ আদিৰ বিষয়ে কোনো চিন্তাই নহয়। দলৰ মঞ্চত প্ৰতিজন কাৰ্যকৰ্তাৰে নিশ্চিত আৰু নিৰ্ধাৰিত ভূমিকা থাকে। দলীয় সিদ্ধান্ত অনুসৰিয়েই প্ৰতিজন কাৰ্যকৰ্তাই নিজৰ নিজৰ দায়িত্ব পালন কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টিয়ে সংগঠনৰ বিষয়ত ক্ষেত্ৰ তথা অঞ্চল ভিত্তিক কোনো বিষয় কেতিয়াও চৰ্চা নকৰে। বৰঞ্চ সকলো অঞ্চলকে সমান গুৰুত্ব দি সংগঠন শক্তিশালী কৰাতহে দলে গুৰুত্ব দি আহিছে।‘’

লগতে পঢ়ক: অৱশেষত ‘নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ’ অনা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন

‘’ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন আটাইতকৈ প্ৰভাৱী আৰু শক্তিশালী বুলি চিহ্নিত হৈছে। সেয়ে একাংশ লোকে অসম বিজেপিত উজনি-নামনিৰ মাজত মত বিৰোধ থকা বুলি চলোৱা প্ৰচাৰো গোকাট মিছা আৰু একেবাৰে ভিত্তিহীন,’’-বিবৃতিটোত মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছাই কয়।