অনন্য অভিলেখ! সংসদত নিজৰ ২ ঘণ্টীয়া ভাষণত ৫৮ বাৰ মোদীৰ নাম ল’লে অমিত শ্বাহে

সংসদত ‘নাম লোৱা’ৰ সকলো অভিলেখ ভংগ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নিজৰ দুঘণ্টীয়া ভাষণত তেওঁ ৫৮ বাৰ মোডীৰ নাম উচ্চাৰণ কৰে। দেশৰ গৃহমন্ত্ৰী গৰাকীৰ মোডীৰ নাম উচ্চাৰণৰ এনে তৎপৰতাত দলটোৰে একাংশ আচৰিত হৈ পৰে।

ৰাজনৈতিক পৰ্যবেক্ষকসকলেও আনকি ভাবিব পৰা নাই যে স্বাধীনতাৰ পিছৰে পৰা কোনোবা মন্ত্ৰীৰ মুখত ইমানবাৰ প্ৰধানমন্ত্ৰীৰ নাম উচ্চাৰণ হৈছে। বিৰোধীৰ কটাক্ষ যে বিজেপি এতিয়া আৰু কেডাৰ ভিত্তিক দল নহয়। ব্যক্তিবাদী গোটলৈ পৰ্যবসিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই নিয়ন্ত্ৰণ কৰিছে চৰকাৰ, দল, সংঘ সকলোকে। সেয়ে অমিত শ্বাহে তেওঁৰ নাম উচ্চাৰণ কৰিয়েই অভিলেখ গঢ়িব লাগিব।

তিনিদিন ধৰি ‘ইণ্ডিয়া’ মিত্ৰজোঁটে সংসদত অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ সময়ত বুধবাৰে বক্তৱ্য ৰাখিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ মুঠ ২ ঘণ্টা ৭ মিনিট বক্তৱ্য আগবঢ়ায়। তেওঁ ৰাজনৈতিক বক্তৃতাৰ পৰা নিজকে আঁতৰাই প্ৰশাসনিক তথ্য দিয়াৰ ওপৰত জোৰ দিয়ে। যোৱা ৯ বছৰত মোডী চৰকাৰে কি কৰিলে সংসদত সেই তথ্য দাখিল কৰিছিল।

তাৰ মাজতে মোডীৰ ‘নাম উচ্চাৰণ’য়ে সকলোকে আচৰিত কৰি তুলিলে। দলৰেই এজন সাংসদে কয় যে শ্বাহে মুঠ ৫৮ বাৰ মোডীৰ নাম উল্লেখ কৰিছে। অৰ্থাৎ ডেৰ-দুই মিনিটৰ মূৰে মূৰে এবাৰ মোডীৰ নাম উচ্চাৰণ কৰে। যোৱা ৯ বছৰত কোনো দলৰ মন্ত্ৰী বা সাংসদে এদিনতে ইমানবাৰ মোডীৰ নাম লোৱা নাই। চৰকাৰ তথা দলৰ সফলতাৰ সকলো কৃতিত্ব সেইদিনা তেওঁক মোডীক দিলে।

ইপিনে, ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে ইয়াৰ আঁৰত আছে শ্বাহৰ কৌশলগত পদক্ষেপ। প্ৰথমতে, দলৰ ভিতৰত মোডীৰ প্ৰতি শ্বাহৰ আনুগত্যৰ ওপৰত কোনো প্ৰশ্নই উত্থাপন নহয় যদিও তেওঁ পুনৰবাৰ ৰাজহুৱাভাৱে নিজকে মোডীৰ প্ৰতি আনুগত্যশীল বুলি প্ৰমাণ কৰিলে। আনুগত্য প্ৰমাণ কৰাৰ প্ৰয়োজনো আছিল। কিয়নো মোডী এতিয়া চৰকাৰ, দল আৰু সংঘৰ নিয়ন্ত্ৰক, গতিকে শ্বাহে বাৰে বাৰে নাম উল্লেখ কৰি আগতীয়াকৈ নিজৰ স্থান সুৰক্ষিত কৰাৰ এই কৌশল গ্ৰহণ কৰিলে।

দ্বিতীয়তে, এইবাৰো লোকসভা নিৰ্বাচনত গেৰুৱা শিবিৰৰ মুখ মোডী। শ্বাহে সেই অভিযান দেশবাসীৰ মাজলৈ লৈ গ’ল। তৃতীয়তে, মোডীৰ পৰৱৰ্তী মুখক লৈ দলৰ ভিতৰে বাহিৰে আলোচনাত আলোড়ন সৃষ্টি হৈছে। এই দৌৰত তেওঁ যে তেওঁ অন্ততঃ নাই সেই কথা স্পষ্ট কৰিলে!