নাগৰিকত্ব বিধেয়কক লৈ তৎপৰ বিজেপি; ৫ অক্টোবৰত মিজোৰামলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

AMIT-SHAH-PTI7_30_2017-1140x570

অমিত শ্বাহ। ফাইল ফটো ইন্টাৰনেটৰ সৌজন্যত

অহা ৫ অক্টোবৰত মিজোৰামলৈ আহিব দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ। গৃহ মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

কিয়নো বিজেপিয়ে নবেম্বৰত পুনৰ সদনৰ মজিয়াত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপনৰ যো-জা চলাইছে। আৰু সেয়ে বিধেয়কখনৰ সমৰ্থন বিচাৰি উত্তৰ-পূবৰ ৰাজ্য সমূহ ভ্ৰমণত ব্যস্ত হৈ পৰিছে গৃহ মন্ত্ৰী শ্বাহ।

উল্লেখ্য যে এই বিধেয়কখনৰ বিৰুদ্ধে মিজোৰামত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে কোনো পধ্যে বিধেয়কখন মানি নলও বুলি স্পষ্ট কৰি দিছিল মিজোৰাম চৰকাৰে। সেয়ে ৰাজনৈতিক বিশ্লেষকৰ মাজত গৃহ মন্ত্ৰী অমিত শ্বাহৰ মিজোৰাম ভ্ৰমণ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

ইফালে এটা সূত্ৰৰ পৰা জানিব পৰা মতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ পূৰ্বে অহা ১ অক্টোবৰত মিজোৰামলৈ যাব নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা।

মিজোৰামৰ ভ্ৰমণৰ সময়ছোৱাত শ্বাহে দলীয় কৰ্ম-কৰ্তাৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰি মুখ্য মন্ত্ৰী জোৰামথাংগা আৰু ৰাজ্যখনৰ বিশেষ কিছু ব্যক্তিৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব।

উল্লেখ্য যে অলপতে বিজেপিয়ে স্পষ্ট কৰি দিছিল যে দলে যিকোনো উপায়েৰে হ’লেও নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব। যাৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অমুছলমানী লোক সকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব।

আনহাতে চলিত মাহৰ আৰম্ভণিতে গৃহ মন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত নেডাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল। উক্ত বৈঠকত শ্বাহে নেডাৰ অংশীদাৰী দল সমূহৰ পৰামৰ্শ মৰ্মেহে বিধেয়কখন গৃহীত কৰা হ’ব বুলি মন্তব্য কৰিছিল।

ইফালে যোৱা ২৩ ছেপ্তেম্বৰত শিলচৰৰ এক জনসভাত নেডাৰ আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নবেম্বৰত নাগৰিকত্ব বিধেয়ক গৃহীত কৰা হ’ব বুলি মন্তব্য কৰিছিল।