NORTHEAST NOW (Assamese)

পৰকীয়া প্ৰেমৰ পৰিণতি!: আমনিৰ অচিনাকি মৃতদেহ চিনাক্ত; হত্যাকাৰী দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

September 10, 2020 8:06 am · বিদ্যুৎ জ্যোতি বৰা
Updated: September 10, 2020 10:47 am
ফটো : নৰ্থ-ইষ্ট নাও

বুধবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ আমনিৰ মহাৰাজা হোটেলৰ পিছফালৰ এটা পুখুৰীৰ পৰা চামগুৰি আৰক্ষীয়ে এজন অচিনাকি লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

মৃতদেটো উদ্ধাৰ হোৱাৰ তীব্ৰ চাঞ্চল্যৰ মাজতে পৰৱৰ্তী সময়ত আৰক্ষীই তদন্ত কৰি টেলেঙা বস্তিৰ এক দম্পতীক আটক কৰি জেৰা আৰম্ভ কৰে।

জেৰাৰ অন্তত আৰক্ষীয়ে উক্ত দম্পতী হালে যুৱকজনক হত্যা কৰা বুলি নিশ্চিত হৈ দুয়োকে গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছতে হত্যাৰ বলি হোৱা যুৱকজনৰ পৰিচয় উদ্ধাৰ হৈছে। যুৱকজন কলিয়াবৰ সমষ্টিৰ উলুৱনী আৰক্ষী থানাৰ অন্তৰ্গত ৰহঢলা গাৱঁৰ নিবাসী গোবিন কোৱঁৰ (২৬) বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ বিশেষ সূত্ৰে প্ৰকাশ কৰা তথ্য মতে আমনিস্থিত সন্তোষ হোটেলৰ মূল ৰান্ধনী তথা মহাৰাজ হোটেলৰ পিছফালৰ টেলেঙা বস্তিৰ নিবাসী শৰৎ ডেকাৰ পত্নী জয়ন্তী ডেকাৰে কলিয়াবৰ ৰহঢলা গাঁৱৰ যুৱক গোবিনৰ দীৰ্ঘ দিনৰ পৰা অবৈধ সম্পৰ্ক আছিল।

মঙ্গলবাৰে আবেলিৰ পৰা স্বামী শৰৎ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি তেওঁলোকৰ গৃহত সোমাই আছিল গোবিন।

নিশা প্ৰায় দহ মান বজাত হোটেলৰ কাম শেষ কৰি শৰৎ ঘৰ আহি পাই দুটা গিলাচৰ সৈতে মদৰ বটল টেবুলৰ ওপৰত প্ৰত্যক্ষ কৰে।

শৰতৰ সন্দেহ হোৱাত ঘৰৰ ভিতৰত গোবিনক বিচাৰ খোচাৰ কৰে।

বিচনাৰ তলত গোবিনক লুকাই থকা দেখা পাই খঙত অগ্নিশৰ্মা হৈ ৰচীৰে হাত ভৰি বান্ধি বাঁহৰ লাঠিৰে মূৰ আৰু পিঠিত প্ৰচণ্ড জোৰেৰে প্ৰহাৰ কৰাৰ ফলত গোবিনৰ মৃত্যু ঘটে।

পিছত ধৰা পৰাৰ ভয়ত গোবিনৰ মৃতদেহটো শৰৎ ডেকা (৩০) আৰু পত্নী জয়ন্তী ডেকাই (২৬) লগ লাগি দুটা বস্তাত ভৰাই পিছফালৰ পুখুৰীটোত নিশা দুই মান বজাত পেলাই থোৱা বুলি আৰক্ষীৰ জেৰাত দুয়োৱে স্বীকাৰ কৰিছে।

ইতিমধ্যে গোবিনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে নগাঁও অসামৰিক চিকিত্সালয় লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষী দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰিছে।

Related News